ETV Bharat / state

CAA বাতিল আৰু অখিল গগৈৰ মুক্তিৰ দাবীত তালাপত AJYCP ৰ মানৱ শৃংখল

author img

By

Published : Aug 7, 2020, 5:57 PM IST

শুকুৰবাৰে নিয়াৰ আদালতত অখিল গগৈৰ জামিনৰ শুনানি আছিল আৰু এই শুনানিত নিয়াৰ আদালতে পুনৰবাৰ খাৰিজ কৰে কৃষক নেতাজনৰ জামিন আবেদন ৷

AJYCP ৰ মানৱ শৃংখল
AJYCP ৰ মানৱ শৃংখল

ডুমডুমা, 7 আগষ্টঃ নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ লগতে কৃষক নেতা অখিল গগৈক মুক্তিৰ দাবীত তিনিচুকীয়াৰ তালাপত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰে ৷ যুৱ-ছাত্ৰ পৰিষদৰ ডাঙৰী-ছৈখোৱা আঞ্চলিক সমিতিৰ উদ্যোগত হাতে-হাতে বেনাৰ, প্লে-কাৰ্ড লৈ এই মানৱ শৃংখল কাৰ্যসূচীৰ জৰিয়তে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ লগতে EIA খচৰা বাতিল কৰা তথা কৃষক নেতা অখিল গগৈক মুক্তি নিদিয়া পৰ্যন্ত যুৱ-ছাত্ৰ পৰিষদে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী অব্যাহত ৰাখিব বুলি হুংকাৰ প্ৰদান কৰে ৷

AJYCP ৰ মানৱ শৃংখল

উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু পাচলৈ ই আইনত ৰূপায়ন হোৱাৰ সময়লৈ অখিল গগৈয়ে এই আইনৰ বিৰুদ্ধে হোৱা গণ আন্দোলনৰ অন্যতম গুৰিধৰোতা আছিল ৷ সেই সময়তে কৃষক নেতাজনক প্ৰথমে অসম আৰক্ষীয়ে আৰু পাচলৈ ৰাষ্টীয় অনুসন্ধান শাখাই মাওবাদীৰ সৈতে সম্পৰ্ক থকাৰ অপৰাধত গ্ৰেপ্তাৰ কৰে ৷ প্ৰায় সাত মাহ উকলি যোৱাৰ পাচতো কৃষক নেতাগৰাকীয়ে লাভ কৰা নাই জামিন ৷ সেয়ে বিগত কেবাদিনো ধৰি তেওঁৰ মুক্তিৰ দাবীত সমগ্ৰ ৰাজ্যতে প্ৰতিবাদ সাব্যস্ত হৈ আহিছে ৷ উল্লেখ্য যে, একেটা গোচৰতে অভিযুক্ত সংগঠনটোৰ আন দুগৰাকী নেতা বিতু সোণোৱাল আৰু ধৈয্য কোঁৱৰে ইতিমধ্যে জামিন লাভ কৰিবলৈ সক্ষম হৈছে ৷

শুকুৰবাৰে নিয়াৰ আদালতত অখিল গগৈৰ জামিনৰ শুনানি আছিল আৰু এই শুনানিত নিয়াৰ আদালতে পুনৰবাৰ খাৰিজ কৰে কৃষক নেতাজনৰ জামিন আবেদন ৷ সেয়ে বৰ্তমানলৈ কৃষকনেতাজনৰ মুকলি আকাশৰ তললৈ অহাৰ পথ ৰুদ্ধ হৈ পৰিছে ৷

লগতে পঢ়কঃ জনপ্ৰতিনিধিক ভোট নিদিয়াৰ বাবেই জীয়াতু ভুগিছে এখন গাঁৱৰ ৰাইজে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.