ETV Bharat / state

তিনিচুকীয়াত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ - Protest

মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে ইন্ধনৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সাব্যস্ত এই প্ৰতিবাদ ৷

ajycp protest in tinsukia assam etv bharat news
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ
author img

By

Published : Feb 6, 2021, 7:12 AM IST

তিনিচুকীয়া,6 ফেব্ৰুৱাৰী: শুকুৰবাৰে তিনিচুকীয়াত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ পৰিষদৰ তিনিচুকীয়া জিলা সমিতি, মাকুম,বৰডুবি আৰু মাটিয়াখানা-লোহালি আঞ্চলিক সমিতিৰ উদ্যোগত পেট্ৰ’ল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷ ইয়াৰ লগতে প্ৰতিবাদকাৰীসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী,পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ কৰে ৷

উল্লেখ্য যে,এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত হোৱা মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদত অংশগ্ৰহণ কৰি পূৰ্বৰ চৰকাৰৰ পন্থাকে অৱলম্বন কৰা বুলি ক্ষোভ জাৰি কৰে ৷ পৰৱৰ্তী সময়ত এই মূল্যবৃদ্ধি ৰোধ নকৰিলে চৰকাৰৰ বিৰুদ্ধে জংগী আন্দোলন গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷

লগতে চাওকঃ গুৱাহাটীৰ ক্ৰাইম ব্ৰাঞ্চৰ জালত জামছেদপুৰৰ যুৱক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.