ETV Bharat / state

তিনিচুকীয়াত AJYCP ৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ - অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল

বজাৰত জুই চাই দাম, নিৰ্বিকাৰ যোগান বিভাগ ৷ AJYCP ৰ পেঙেৰী-বৰডুমচা আঞ্চলিক সমিতিয়ে মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷

AJYCP protest at tinsukia
তিনিচুকীয়াত AJYCP ৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ
author img

By

Published : Nov 5, 2020, 6:07 PM IST

তিনিচুকীয়া,5 নৱেম্বৰঃ বৃহস্পতিবাৰে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত পেঙেৰীত AJYCP ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ AJYCP ৰ পেঙেৰী-বৰডুমচা আঞ্চলিক সমিতিয়ে মূল্য বৃদ্ধিৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ প্ৰতিবাদকাৰী সকলে যোগান মন্ত্ৰী ফণীভূষন চৌধুৰী আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

তিনিচুকীয়াত AJYCP ৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ

প্ৰতিবাদকাৰী সকলে যোগান মন্ত্ৰী মুৰ্দাবাদ, ফনীভূষন চৌধুৰী গ’বেগ, বিজেপি চৰকাৰ হায় হায় আদি ধ্বনিৰে প্ৰতিবাদস্থলী উত্তাল কৰি তুলে ৷ প্ৰতিবাদস্থলীত তিনিচুকীয়া জিলা সমিতিৰ যুটীয়া সম্পাদক দেৱজিৎ সোনাৰ, জিলাৰ ক্ৰীড়া সম্পাদক ৰঞ্জন মৰাণ, লগতে আঞ্চলিক সমিতি সভাপতি, সম্পাদককে আদি কৰি ভালেই সংখ্যক কৰ্মকৰ্তা আৰু স্থানীয় লোক উপস্থিত থাকে । আনহাতে চৰকাৰে যদি অতি শীঘ্ৰে বস্তুৰ মূল্যবৃদ্ধি ৰোধ নকৰে তেন্তে অনাগত দিনত তীব্ৰ গনতান্ত্ৰিক আন্দোলন গঢ়িতুলাৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে ।

লগতে পঢ়কঃ মুখ্যমন্ত্ৰীয়ে সোঁৱৰিলে ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকাক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.