ETV Bharat / state

AJYCP Meeting: মণিপুৰৰ পৰিস্থিতি নিয়ন্ত্ৰণত সম্পূৰ্ণৰূপে বিফল হৈছে চৰকাৰ; পলাশ চাংমাই - manipur crisis

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ডুমডুমা আঞ্চলিক সমিতিৰ দশম দ্বি-বাৰ্ষিক অধিৱেশন, নৱ-নিৰ্মিত কাৰ্যালয় উদ্বোধন আৰু বিশেষ সম্বৰ্ধনা অনুষ্ঠান ৷ শনিবাৰে ডুমডুমা নগৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হয় এই সভা ৷

AJYCP president Palash Changmai
ডুমডুমাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই
author img

By

Published : Jul 30, 2023, 10:15 AM IST

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ডুমডুমা আঞ্চলিক সমিতিৰ দশম দ্বি-বাৰ্ষিক অধিৱেশন

তিনিচুকীয়া, ৩০ জুলাই : "মণিপুৰৰ পৰিস্থিতি নিয়ন্ত্ৰণত সম্পূৰ্ণৰূপে বিফল হৈছে চৰকাৰ ৷ হত্যাকাৰী সদায় হত্যাকাৰীয়েই, সি মুছলমানেই হওক বা হিন্দুৱেই হওক ৷ গোলাঘাটৰ হত্যাকাণ্ডৰ ঘটনাটো ধৰ্মীয় দৃষ্টিভংগীৰে চোৱাটো উচিত নহয় ৷" এই মন্তব্য অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাইৰ ৷ ডুমডুমাত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ডুমডুমা আঞ্চলিক সমিতিৰ এক বিশেষ সভাত অংশ লৈ এইদৰে মন্তব্য কৰে নেতাজনে ৷

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ডুমডুমা আঞ্চলিক সমিতিৰ দশম দ্বি-বাৰ্ষিক অধিৱেশন, নৱ-নিৰ্মিত কাৰ্যালয় উদ্বোধন আৰু বিশেষ সম্বৰ্ধনা অনুষ্ঠান শনিবাৰে ডুমডুমা নগৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হয় ৷ কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই, সাধাৰণ সম্পাদক ৰাতুল বুঢ়াগোঁহাই, সহকাৰী সাধাৰণ সম্পদক সুৰজিত মৰাণৰ লগতে তিনিচুকীয়া জিলা সমিতি তথা বিভিন্ন আঞ্চলিক সমিতিৰ বিষয়ববীয়া সকল উপস্থিত থাকে ৷

লগতে পঢ়ক : Conservation of Namtipul : ঐতিহাসিক নামতিপুল সংৰক্ষণৰ দাবীত সামাজিক মঞ্চ পোহৰৰ পদযাত্ৰা

প্ৰথম কাৰ্যসূচী হিচাবে পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পনৰ লগতে যুৱ-ছাত্ৰ পৰিষদৰ ডুমডুমা আঞ্চলিক সমিতিৰ নৱ-নিৰ্মিত কাৰ্যালয় উদ্বোধন কৰা হয় ৷ যুৱ-ছাত্ৰ পৰিষদৰ ডুমডুমা আঞ্চলিক সমিতিৰ নৱ-নিৰ্মিত কাৰ্যালয় উদ্বোধন কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমায়ে ৷ কাৰ্যসূচীত উপস্থিত থাকি সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত পলাশ চাংমায়ে মণিপুৰৰ হিংসাৰ লগতে গোলাঘাটৰ হত্যাকাণ্ডৰ সম্পৰ্কেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷

মণিপুৰৰ ঘটনা নিয়ন্ত্ৰণত চৰকাৰ সম্পূৰ্ণৰূপে বিফল হৈছে, বৰ্তমানেও মণিপুৰত স্বাভাৱিক পৰিৱেশ ঘূৰাই আনিব পৰা নাই ৷ মণিপুৰত ৰাষ্ট্ৰপতিয়ে হস্তক্ষেপ কৰিব লাগে বুলি যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমায়ে আহ্বান উল্লেখ কৰে ৷ আনহাতে, গোলাঘাটত সংঘটিত হোৱা হত্যাকাণ্ডৰ ঘটনাটো ধৰ্মীয় দৃষ্টিভংগীৰে চোৱাটো উচিত নহয় বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷

লগতে পঢ়ক : International Tiger Day Celebration: গুৱাহাটী লায়ন্স ক্লাৱৰ তোলনীয়া পুত্ৰ হ’ল শুভম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.