ETV Bharat / state

karam sanmilan at Makum : মাকুম কেন্দ্ৰীয় কৰম সন্মিলনত অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈ - লুৰীণজ্যোতি গগৈ

মাকুম কেন্দ্ৰীয় কৰম সন্মিলনৰ মুকলি সভা দেখা গ’ল অন্য এক ৰূপত । সভাত দেখা নগ’ল শাসকীয় দলৰ কোনো এজন মন্ত্ৰী-বিধায়কক ৷ লুৰীণজ্যোতি গগৈৰ ভাষণে মন্ত্ৰমুগ্ধ কৰিলে উপস্থিত ৰাইজক।

Lurinjyoti Gogoi Visited Kendriya karam sanmilan
মাকুম কেন্দ্ৰীয় কৰম সন্মিলন
author img

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 10:00 PM IST

Updated : Nov 6, 2023, 10:30 PM IST

মাকুম কেন্দ্ৰীয় কৰম সন্মিলনত লুৰীণজ্যোতি গগৈ

তিনিচুকীয়া, 6 নৱেম্বৰ : তিনিচুকীয়া জিলাৰ সৰ্বাধিক চৰ্চাত থকা পবিত্ৰ কৰম সন্মিলনখনি হৈছে মাকুম কেন্দ্ৰীয় কৰম সন্মিলন ৷ দুদিনীয়াকৈ বিস্তৃত কাৰ্যসূচীৰে আৰম্ভ হোৱা 21 সংখ্যক মাকুম কেন্দ্ৰীয় সন্মিলনখনি দেওবাৰে সফল সামৰণি পৰে ৷ প্ৰথম দিনৰ পৰাই পবিত্ৰ কৰম পূজাৰ আখৰা-বন্দনা, বিভিন্ন ধৰণৰ সাংস্কৃতিক প্ৰতিযোগিতাই সমগ্ৰ মাকুম অঞ্চলৰ চৌপাশ মুখৰিত কৰি তুলে ৷

কৰম সন্মিলনখনিৰ অন্তিম দিনৰ দিনা নিশা মুকলি সভা অনুষ্ঠিত কৰা হয় ৷ এই মুকলি সভাত মুখ্য অতিথি হিচাপে অসম জাতীয় পৰিষদ দলৰ সভাপতি লুৰীণজ্যোতি গগৈ, অসম চাহ জনগোষ্ঠী জাতীয় মহাসভা তিনিচুকীয়া জিলা সমিতিৰ সভাপতি বাবলু কুলদ্বীপ, অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া ৰাজু কুৰ্মী, বিশিষ্ট সমাজ সেৱক যোগেশ্বৰ কুৰ্মী, সদৌ অসম ছাত্ৰ সন্থাৰ মাকুম আঞ্চলিক সমিতিৰ বিষয়ববীয়াকে ধৰি আন বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ উল্লেখ্য যে, এই কৰম সন্মিলনত এইবাৰৰ মুকলি সভাত বিজেপি দলৰ কোনো মন্ত্ৰী-বিধায়কৰ লগতে নেতা-কৰ্মীক উপস্থিত থকা পৰিলক্ষিত নহ’ল ৷

মুকলি সভাত লুৰীণজ্যোতি গগৈৰ পবিত্ৰ কৰম পূজাৰ বিষয়ে উৎসাহমূলক ভাষণ প্ৰদান কৰাৰ লগতে বাবলু কুলদ্বীপ আৰু ৰাজু কুৰ্মীৰ উদাত্ত ভাষণে উপস্থিত ৰাইজক আকৰ্ষিত কৰি তোলা পৰিলক্ষিত হয় ৷ উপস্থিত ৰাইজৰ বিপুল সঁহাৰিত লুৰীণজ্যোতি গগৈয়ে ঝুমুৰৰ তালে তালে সমিলমিলে ঝুমুৰ নচা দেখা গ’ল ৷ ইফালে 21 সংখ্যক মাকুম কেন্দ্ৰীয় কৰম সন্মিলনখনি এইবাৰ এক ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ’ল বুলি মাকুম অঞ্চলৰ সৰ্বত্ৰে চৰ্চিত হোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : Kendriya karam sanmilan : তিনিচুকীয়াৰ কেন্দ্ৰীয় কৰম সন্মিলনত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

Last Updated : Nov 6, 2023, 10:30 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.