ETV Bharat / state

AJP General Meeting: তিনিচুকীয়াত অজাপৰ সাধাৰণ অধিৱেশন; বিজেপিক আক্ৰমণ লুৰীণৰ

author img

By ETV Bharat Assamese Team

Published : Aug 27, 2023, 6:09 PM IST

তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণ সাংস্কৃতিক কেন্দ্ৰত অজাপ আৰু জাতীয় মহিলা শক্তি তিনিচুকীয়া জিলা সমিতিৰ সাধাৰণ অধিৱেশন ৷ ‘‘ৰাইজ আজি অসন্তুষ্ট ৷ ৰাইজে বিজেপিৰ পৰা পৰিত্ৰাণ বিচাৰিছে ৷ সেয়ে আগন্তুক দিনত ৰাইজে বিজেপিক প্ৰত্যাখান কৰিব ৷’’ এই মন্তব্য অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈৰ ৷

AJP General Meeting
তিনিচুকীয়াত অ জা পৰ সাধাৰণ অধিবেশন

তিনিচুকীয়াত অ জা পৰ সাধাৰণ অধিবেশন

তিনিচুকীয়া, 27 আগষ্ট : তিনিচুকীয়াত অসম জাতীয় পৰিষদ আৰু জাতীয় মহিলা শক্তিৰ সাধাৰণ অধিৱেশন অনুষ্ঠিত হয় ৷ তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণ সাংস্কৃতিক কেন্দ্ৰত অসম জাতীয় পৰিষদ, তিনিচুকীয়া জিলা সমিতিৰ দ্বিতীয় সাধাৰণ অধিৱেশন আৰু জাতীয় মহিলা শক্তি তিনিচুকীয়া জিলা সমিতিৰ প্ৰথম সাধাৰণ অধিবেশন অনুষ্ঠিত হয় ৷

উক্ত অধিৱেশনত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, সাধাৰণ সম্পাদক জগদীশ ভূঞা, নতুনকৈ অসম জাতীয় পৰিষদত যোগদান কৰা প্ৰাক্তন আছু নেতা উদ্বীপজ্যোতি গগৈৰ লগতে কেইবাগৰাকীও কেন্দ্ৰীয় নেতৃত্ব উপস্থিত থাকে ৷

অধিৱেশনত অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ তেওঁ কয়, ‘‘শাসনাধিষ্ঠ চৰকাৰখনে এতিয়া সকলো ফালে সাধাৰণ জনতাৰ মূৰত ৰামটাঙোন সোধাইছে ৷ জনতাক চাহত চেনি দিয়া চামোচেৰে দিছে আৰু বেলচাৰে জনতাৰ পৰা নিছে ৷ গতিকে এতিয়া বাকী আৰু ফাকিত চৰকাৰ নচলে ৷ ৰাইজ আজি অসন্তুষ্ট ৷ ৰাইজে বিজেপিৰ পৰা পৰিত্ৰাণ বিচাৰিছে ৷ সেয়ে আগন্তুক দিনত ৰাইজে বিজেপিক প্ৰত্যাখান কৰিব ৷’’

‘‘অসমৰ প্ৰতিজন লোকৰ মাজত এটা জাতীয়তাবাদৰ চেতনা আছে ৷ সেয়ে আগবাঢ়ি আহিছে ৷ সমগ্ৰ প্ৰান্তত ৰাইজৰ জাতীয়তাবাদৰ কাষ চাপিচে ৷ তিনিচুকীয়াবাসী ৰাইজৰ স্বাভিমান আছে । ৰাইজ প্ৰতাৰিত হ’ল, বিশ্বাসঘাটকৰ সন্মুখীন হ’ল ৷ সেয়ে অসম মাতৃক ভালপোৱা প্ৰতিজন লোকে আগবাঢ়ি আহিছে ৷ কৰ-কাটল, পে’ট্ৰল-ডিজেল, অত্যাৱশকীয় সামগ্ৰী, ঔষদৰ দাম বৃদ্ধি পাইছে ৷ যাৰ বাবে ৰাইজ অতিষ্ঠ ,’’ এইদৰে চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লয় লুৰীণজ্যোতি গগৈয়ে ৷

লগতে পঢ়ক :Man-Elephant Love Story: নাচিব জনা, লোকগীত বুজি পোৱা এটা পাঁচবছৰীয়া হাতী পোৱালী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.