ডুমডুমা, 16 জুনঃ তিনিচুকীয়াৰ বাঘজানৰ আশ্ৰয় শিবিৰত মঙলবাৰে উপস্থিত হ'য় আজমল ফাউণ্ডেচনৰ এটা দল । আশ্ৰয় শিবিৰত উপস্থিত হৈ বিগত 21 দিনে আপোন ঘৰ-বাৰী এৰি আশ্ৰয় শিবিৰত থকা লোকসকলৰ মাজত সাহাৰ্যৰ লগতে শিশু,মহিলাসকলৰ মাজত কাপোৰ বিতৰণ কৰে দলটোৱে ।
AIUDFৰ বিধায়ক হাফিজ বচিৰ আহমেদ কাজমিৰ নেতৃত্বত আজমল ফাউণ্ডেচনৰ কেইবাজনো বিষয়ববীয়া বাঘজানৰ অগ্নিকাণ্ড সংঘটিত হোৱা তৈলখাদ পৰিদৰ্শন কৰাৰ লগতে কেইবাটাও আশ্ৰয় শিবিৰত উপস্থিত হৈ সাহাৰ্য আগবঢ়ায় ।
আজমল ফাউণ্ডেচনৰ লগত ডুমডুমাৰ কংগ্ৰেছী বিধায়ক দুৰ্গা ভূমিজ আৰু আমছু ডিব্ৰুগড় জিলা সমিতিৰ বিষয়ববীয়াও এই কাৰ্যত উপস্থিত থাকি আশ্ৰয় শিবিৰত থকা লোকসকলৰ মাজত সামগ্ৰী বিতৰণ কৰে ।
লগতে চাওকঃ টাৱাৰত উঠি প্ৰাণৰক্ষাৰ চেষ্টা চোৰৰ