তিনিচুকীয়া, 23 ফেব্ৰুৱাৰী : চাহ শ্ৰমিকক চৰকাৰে বঞ্চনা কৰি অহাৰ অভিযোগ কৰি মঙলবাৰে তিনিচুকীয়া জিলাৰ কাকপথাৰত আদিবাসী ছাত্ৰ সন্থাই প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰা, গাঁও অঞ্চলত বাস কৰা চাহ জনগোষ্ঠী লোকৰ মাটিৰ ম্যাদী পট্টা প্ৰদান কৰাৰ লগতে চাহ জনগোষ্ঠীক জনজাতিকৰণৰ নামত দীৰ্ঘদিন আভুৱা ভাৰি অহাৰ অভিযোগ কৰি এই প্ৰতিবাদ সাব্যস্ত কৰে ৷ আদিবাসী ছাত্ৰ সন্থাই অনতি পলমে তেওঁলোকৰ দাবীসমূহ মানি নল’লে তীব্ৰতৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে ৷
লগতে পঢ়ক : নগাঁৱত স্থাপন হ'ব প্ৰথমখন চৰকাৰী আইন মহাবিদ্যালয়