শদিয়া,9 জানুৱাৰী: তিনিচুকীয়া জিলাৰ শদিয়াৰ মেগেলা গাঁৱত সংঘটিত হৈছে এক শোকৱহ পথ দুৰ্ঘটনা ৷ শুকুৰবাৰে নিশা ট্ৰেক্টৰ আৰু এখন ডিআই বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় 16 গৰাকীকৈ লোক ৷ আহত লোকসকলৰ ভিতৰত 6 টি শিশু থকা বুলি জানিব পৰা গৈছে ৷ আহতসকল শদিয়াৰ বৰগড়া-লাইপুলি গাঁৱৰ বাসিন্দা ৷
ঘটনাৰ বিৱৰণী অনুসৰি, ডিআই বাহনখনত থকা প্ৰায় 30 গৰাকী লোকে বনভোজ খাই ঘৰমুৱা হোৱাৰ পথত সংঘটিত হয় দুৰ্ঘটনাটো ৷ আহতসকলক স্থানীয় লোকে উদ্ধাৰ কৰি চপাখোৱা গ্ৰাম্য চিকিৎসালয়ত ভৰ্তি কৰোৱায় ৷ তদুপৰি 5 গৰাকীক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে তিনিচুকীয়ালৈ ৷
লগতে চাওকঃ টুইটাৰে স্থায়ীভাৱে বন্ধ কৰিলে ড’নাল্ড ট্ৰাম্পৰ একাউন্ট