ETV Bharat / state

Protest in Digboi: ডিগবৈত নিশা মৃতদেহ লৈ ৰাজপথ অৱৰোধ আটছাৰ

author img

By

Published : Apr 7, 2023, 1:17 PM IST

জল জীৱন মিচনৰ নামত ব্যাপক দুৰ্নীতি হোৱাৰ অভিয়োগ(Scam in Jal jeevan mission) । তিনিচুকীয়াত জল জীৱন মিচনৰ গেট খহি পৰি এটি কিশোৰৰ মৃত্যু হোৱাক লৈ উত্তপ্ত হৈ পৰে ডিগবৈ । মৃতদেহ লৈ ৰাজপথ ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্য়স্ত কৰে ক্ষোভিত ৰাইজে । ঠিকাদাৰে নিম্ন মানদণ্ডৰ কাম কৰাৰ অভিযোগ আটছাৰ ।

AATSA blocked highway with deadbody in Digboi
ডিগবৈত নিশা মৃতদেহ লৈ ৰাজপথ অৱৰোধ আটছাৰ
ডিগবৈত নিশা মৃতদেহ লৈ ৰাজপথ অৱৰোধ আটছাৰ

তিনিচুকীয়া,৭ এপ্ৰিল: সমগ্ৰ ৰাজ্যতে ক্ষীপ্ৰতাৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জল জীৱন মিচনৰ পানী যোগান আঁচনিৰ কাম চলি আছে (Jal Jeevan mission Assam) ৷ প্ৰতিখন জল জীৱন মিচন আঁচনিৰ কাম যাতে সঠিকভাৱে আৰু কোনো দুৰ্নীতিৰ সংঘটিত নহয় তাৰ কাৰণে বাৰম্বাৰ জিলা প্ৰশাসন কিম্বা বিভাগীয় মন্ত্ৰীৰ সৈতে ঠিকাদাৰৰ বৈঠক অনুষ্ঠিত হৈ আহিছে ৷ এইক্ষেত্ৰত জল জীৱন মিচনৰ কামত বাধা নিদিবলৈও সকলো পক্ষক সকীয়নি প্ৰদান কৰিছিল জিলা প্ৰশাসন কিম্বা আৰক্ষী বিভাগে ।

কিন্তু যিদৰে উন্নত মানদণ্ডৰে নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিয়া পৰিলক্ষিত হৈছে সেয়া যেন প্ৰকৃততে বিভিন্ন প্ৰান্তত ফলপ্ৰসূ হৈ উঠা নাই ৷ তাৰ এক জ্বলন্ত উদাহৰণ তিনিচুকীয়া জিলাৰ ডিগবৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত শ্ৰীকৃষ্ণ চাহ বাগিছাৰ জল জীৱন মিচনৰ আঁচনিৰ কাম (Rampant corruption in Jal Jeevan Mission) ৷ কিয়নো অসম চাহ জনজাতি ছাত্ৰ সন্থাই জানিবলৈ দিয়া অনুসৰি বৃহস্পতিবাৰে ডিগবৈৰ শ্ৰী কৃষ্ণ চাহ বাগিছাৰ জলজীৱন মিচনৰ আঁচনিখনৰ এখন লোহাৰ গেট বাগৰি পৰাৰ ফলত এটি কিশোৰে প্ৰাণ হেৰুৱাই ৷

বাগিচাখনত মৃত্যু হোৱা ১২ বছৰীয়া কিশোৰৰটি সামা গোৱালাৰ পুত্ৰ দেভ গোৱালা বুলি জানিব পৰা গৈছে । কিশোৰটি শ্ৰী কৃষ্ণ বাগিচাৰ বি লাইনৰ বাসিন্দা । ঠিকাদাৰৰ অদূৰদৰ্শিতা আৰু গাফিলতিৰ কাৰণে এই ঘটনাৰ সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজ তথা দল-সংগঠনৰ (Scam allegation in Jal jeevan mission in Tinsukia) । কিয়নো মাত্ৰ কিছুদিন পূৰ্বে নিৰ্মাণ কৰা এই জল জীৱন মিচনৰ আঁচনিৰ গেটখন ঠিকাদাৰৰ গাফিলতিৰ বাবেই খহি পৰাৰ অভিযোগ উত্থাপিত হৈছে (Scam in Jal jeevan mission) ৷

জলজীৱন মিচন আঁচনিৰ পানী যোগান কেন্দ্ৰ নিৰ্মাণত নিন্ম মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰৰ বাবেই এই ঘটনা সংঘটিত হয় বুলি ক্ষোভ প্ৰকাশ কৰে স্থানীয় ৰাইজে ৷ পৰৱৰ্তী সময়ত নিশাৰভাগত কিশোৰটিৰ মৃতদেহ লৈ ডিগবৈৰ ৰাজপথলৈ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ নেতৃত্বত ওলাই আহে শতাধিক লোক (AATSA blocked highway with deadbody in Digboi) ৷ ক্ষোভিত ৰাইজে ৰাজপথ অৱৰোধ কৰি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ (Protest in Digboi) ৷

প্ৰতিবাদৰ জৰিয়তে ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেণ ফুকনৰ বিৰুদ্ধে সৰৱ হৈ পৰাৰ লগতে কয় যে জল জীৱন মিচন আঁচনি নিৰ্মাণ কৰাৰ নামত অকল কমিচনত খাই বহি থাকিলেই নহ’ব ৷ প্ৰকৃততে উন্নত মানদণ্ডৰ কাম হৈছে নাই সেয়াও পৰিদৰ্শন কৰিব লাগিব ৷ এইক্ষেত্ৰত বিধায়কগৰাকীও জগৰীয়া বুলি দাবী কৰে ৰাইজে ৷ সমান্তৰালভাৱে উক্ত জল জীৱন মিচন আঁচনিখনৰ ঠিকাদাৰ আনন্দ জোৱেল আৰু ঋষি গুপ্তাক অতিশীঘ্ৰে গ্ৰেপ্তাৰ কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ নেতৃত্বই ৷

লগতে পঢ়ক: Pranjal Moran Murder Case : বস্তাৰ ভিতৰত উদ্ধাৰ প্ৰাঞ্জল মৰাণৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.