ETV Bharat / state

Local issues in Makum: স্থানীয় সমস্যা সমাধানৰ দাবীত মাকুমত আছুৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী - তিনিচুকীয়া জিলাৰ অন্তৰ্গত

অনেক সমস্যাৰে ভাৰাক্ৰান্ত হৈ পৰিছে তিনিচুকীয়াৰ মাকুম নগৰ ৷ বৃহত্তৰ মাকুম অঞ্চলৰ বিভিন্ন সমস্যাসমূহ সমাধানৰ দাবীত বুধবাৰে নগৰখনৰ মাজমজিয়াত মাকুম আঞ্চলিক ছাত্ৰ সন্থাই ৰূপায়ণ কৰে অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী (AASU sit in strike demanding solution to local issues)।

Local issues in Makum
মাকুমত আছুৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী
author img

By

Published : Feb 16, 2023, 10:58 AM IST

তিনিচুকীয়া, 16 ফেব্ৰুৱাৰী: ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত তথা তিনিচুকীয়া জিলাৰ অন্তৰ্গত এখন নগৰ হৈছে মাকুম ৷ উজনি অসমৰ তিনিখন প্ৰধান চহৰ তিনিচুকীয়া, ডিগবৈ আৰু ডুমডুমা লগ হোৱাৰ বাবে ঠাইডোখৰৰ নাম হৈছিল মাকুম । তাৰোপৰি এই মাকুমতে ৩৭ আৰু ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ দুটা মিলিত হৈছে । নগৰখনত অৱস্থিত মাকুম ৰে'ল ষ্টেচনটো হৈছে ভাৰতীয় ৰেলৰ আটাইতকৈ পূবত অৱস্থিত ষ্টেচন (Makum is easternmost station of Indian Railways) । বৰ্তমান অনেক সমস্যাৰে ভাৰাক্ৰান্ত এই এই মাকুম নগৰ ৷

বৃহত্তৰ মাকুম অঞ্চলৰ বিভিন্ন সমস্যাসমূহ সমাধানৰ দাবীত বুধবাৰে নগৰখনৰ মাজমজিয়াত মাকুম আঞ্চলিক ছাত্ৰ সন্থাই দুই ঘণ্টীয়া এক অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰে । নগৰখনৰ এক গুৰুত্বপূৰ্ণ সমস্যা যান-জঁট দূৰ কৰা, বাহন ৰখোৱা স্থান নিৰ্মাণ কৰা, সমগ্ৰ মাকুম অঞ্চলৰ স্পৰ্শকাতৰ ঠাইসমূহত চি চি টিভিৰ ব্যৱস্থা কৰা, উঠি অহা প্ৰজন্মৰ নিচা যুক্ত সামগ্ৰীৰ প্ৰতি থকা আসক্তি নাইকীয়া কৰাকে আদি কৰি কেইবাটাও গুৰুত্বপৰ্ণ প্ৰসংগ কাৰ্যকৰী কৰাৰ দাবীৰে সাব্যস্ত কৰে এই অৱস্থান ধৰ্মঘটৰ কায্যসূচী ।

ধৰ্মঘটৰ কায্যসূচীৰ সময়ত আছু কৰ্মীসকলে মাকুমৰ সমস্যা সমাধান কৰক, যান-জঁটৰ সমস্যা সমাধান কৰক, ড্ৰাগছৰ সৰবৰাহ বন্ধ কৰক, জুৱা খেল উচ্ছেদ কৰক, অবৈধ মদৰ ঘাটি উচ্ছেদ কৰক, মাকুম মহাবিদ্যালয়ক চৰকাৰীকৰণ কৰক, মাকুমত উৰণীয়া সেঁতু নিৰ্মাণ কৰক, আছু লং লীভ, জয় আই অসম আদি বিভিন্ন শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে৷ ধৰ্মঘটস্থলীৰ পৰাই কেইবাটাও দাবী সম্বলিত এখন স্মাৰকপত্ৰ তিনিচুকীয়া জিলা উপায়ুক্তলৈ প্ৰেৰণৰ ব্যৱস্থা কৰে ।

উল্লেখ্য যে, মাকুম নগৰৰ লগতে নগৰখনৰ দাঁতি কাষৰীয়া বিভিন্ন স্থানত চলি আহিছে জুৱা খেলকে আদি কৰি বিভিন্ন সমাজ বিৰোধী কামকাজ (Lot of gambling in Makum) ৷ তাৰোপৰি যুৱ প্ৰজন্মকে ধৰি সমাজৰ এটা চামক অতিকে বেয়া ধৰণে গ্ৰাস কৰা ড্ৰাগছকে ধৰি বিভিন্ন নিচাজাতীয় দ্ৰব্য চহৰখনত সহজলভ্য হৈ পৰা বুলি সচেতন মহলে দাবী কৰি আহিছে ৷ এনে ক্ষেত্ৰত স্থানীয় প্ৰশাসনৰ লগতে আৰক্ষী অধিক সজাগ হৈ এনেবোৰ অপকৰ্ম নিৰ্মূলৰ ব্যৱস্থা নকৰিলে, পুৰণি নগৰখনৰ পৰিৱেশ অতিকে দুখজনক হৈ পৰিব বুলি উল্লেখ কৰি আহিছে মাকুমৰ জ্যেষ্ঠ নাগৰিক সকলে ৷

লগতে পঢ়ক: Railway eviction drive: ডিগবৈৰ বাগাপানীত ৰেল বিভাগৰ উচ্ছেদ অভিযানক লৈ উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.