ETV Bharat / state

তিনিচুকীয়াত মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ মানৱ শৃংখল

author img

By

Published : Jul 23, 2021, 9:49 PM IST

শুকুৰবাৰে তিনিচুকীয়াত মূল্যবৃদ্ধি (Price Hike)ৰ বিৰুদ্ধে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ সদৌ অসম ছাত্ৰ সন্থা (AASU)ৰ ৷ অচিৰেই চৰকাৰক নিত্য ব্যৱহার্য সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণ কৰিবলৈ সকীয়নি প্ৰদান কৰে আছুৱে ৷

aasu protest against price hike
তিনিচুকীয়াত আছুৰ প্ৰতিবাদ

তিনিচুকীয়া, 23 জুলাই : নিত্য ব্যৱহার্য সামগ্ৰীৰ অত্যাৱশ্যকীয় মূল্যবৃদ্ধি (Price Hike)ৰ বিৰুদ্ধে তিনিচুকীয়াত সৰৱ হৈ উঠিছে সদৌ অসম ছাত্ৰ সন্থা (AASU) ৷ শুকুৰবাৰে তিনিচুকীয়া চহৰৰ মাজমজিয়াত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma) নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে এক মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে আছুৱে । প্ৰতিবাদস্থলীৰ পৰাই বিজেপি (BJP) চৰকাৰক শীঘ্ৰেই নিত্য ব্যৱহার্য সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণ কৰিবলৈ সকীয়নি দিয়ে সংগঠনটোৱে ৷ অন্যথা পৰৱৰ্তী সময়ত মূল্যবৃদ্ধিৰ বিৰুদ্ধে ইয়াতকৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব সদৌ অসম ছাত্ৰ সন্থাই ৷

লকডাউন (Lckdown)ৰ সময়ত ইন্ধনজাত আৰু নিত্য ব্যৱহাৰ্য তথা অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে জ্বলা-কলা খুৱাইছে সাধাৰণ ৰাইজক ৷ প্ৰতিদিনে পেট্ৰ’ল-ডিজেল, আলু, পিয়াঁজ, মিঠাতেলকে ধৰি নিত্য ব্যৱহার্য সামগ্ৰীৰ মূল্য বৃদ্ধি পোৱাৰ লগে লগে সাধাৰণ ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থাৰ লেখীয়া হৈছে । এফালে যদি খাদ্য সমগ্ৰীৰ মূল্যবৃদ্ধিয়ে ৰাইজক জুৰুলা কৰিছে, আকৌ আনফালে ইন্ধন আৰু ৰন্ধন গেছৰ ব্যাপক মূল্যবৃদ্ধিয়ে কোঙা কৰিছে সাধাৰণ জনতাক ৷

তিনিচুকীয়াত আছুৰ প্ৰতিবাদ

মূল্যবৃদ্ধিক লৈ ৰাজ্যজুৰি প্ৰতিবাদ হৈ থকাৰ সময়তে মূল্যবৃদ্ধিক লৈ বিভিন্ন আশ্চৰ্যকৰ মতামত দাঙি ধৰিছে চৰকাৰৰ বহু কেইগৰাকী বিধায়ক তথা মন্ত্ৰীয়ে ৷ মূল্যবৃদ্ধিৰ ওচৰত যেন আত্মসমৰ্পণ কৰিছে বিজেপি চৰকাৰে ৷

অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী (Biswajit Daimary)য়ে মূল্যবৃদ্ধিক লৈ কৰিছে এক বিৰূপ মন্তব্য ৷ জনসাধাৰণে খেতি নকৰি আৰামত খাই থকাৰ বাবেই মূল্যবৃদ্ধি হৈছে বুলি তেওঁ সাংবাদিকৰ আগত মন্তব্য কৰে ৷ লগতে পেট্ৰ’ল-ডিজেলৰ ক্ষেত্ৰত বাহিৰৰ পৰা তেল আনিলে মূল্যবৃদ্ধি হ’বই বুলিও কয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ৷ আনহাতে, মন্ত্ৰী ৰণজিৎ কুমাৰ দাস (Ranjeet Kumar Das)য়েও মূল্যবৃদ্ধি সন্দৰ্ভত কৰিছে এক আশ্চৰ্যকৰ মন্তব্য ৷

তেওঁ কয় যে, মূল্যবৃদ্ধি হ’বই ৷ সামগ্ৰী মূল্য নিয়ন্ত্ৰণ ৰাজ্য চৰকাৰৰ হাতত নাই ৷ তদুপৰি লকডাউনৰ সময়চোৱাত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ মানুহে অধিক হাৰত কণী খাইছে ৷ গতিকে কণীৰ দাম বৃদ্ধি হোৱাতোও স্বাভাৱিক বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

ইফালে, এই মূল্যবৃদ্ধিক লৈ ৰাজ্যৰ দল-সংগঠনসমূহৰ লগতে বিৰোধী দলেও চৰকাৰৰ বিৰুদ্ধে অব্যাহত ৰাখিছে প্ৰতিবাদ ৷

লগতে পঢ়ক : "মুখ্যমন্ত্ৰী বিধবা সাহায্য আঁচনি"ৰ অধীনত হিতাধিকাৰীয়ে পালে সাহায্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.