ETV Bharat / state

চৰকাৰৰ বিৰোধী শ্লগানেৰে উত্তাল মাৰ্ঘেৰিটাৰ ৰাজপথ

author img

By

Published : Jul 2, 2020, 5:41 PM IST

উদ্যোগ স্থাপনৰ নামত চৰকাৰে খিলঞ্জীয়াৰ হাতৰ পৰা ভূমি অধিকাৰ কাঢ়ি লোৱাৰ প্ৰতিবাদত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধেৰে প্ৰতিবাদ সাব্য়স্ত কৰে মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাই ৷ আছুৰ স্পষ্ট অভিযোগ এয়া বিজেপি চৰকাৰৰ খিলঞ্জীয়া বিৰোধী একপ্ৰকাৰৰ ষড়যন্ত্ৰ ৷

AASU Protest against impliment of land laws 2020 margherita tinsukia assam etv bharat news
ভূমি নীতি প্ৰৱৰ্তনৰ বিৰুদ্ধে প্ৰতিবাদ

মাৰ্ঘেৰিটা,2 জুলাই: অসম চৰকাৰৰ খিলঞ্জীয়া বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে বৃহস্পতিবাৰৰ দিনটোত প্ৰতিবাদত কপি উঠে সমগ্ৰ ৰাজ্য ৷ সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যজুৰি সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ বুধবাৰে অসম চৰকাৰৰ কেবিনেটে নতুন ভূমি নীতি প্ৰৱৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ চৰকাৰৰ উক্ত সিদ্ধান্ত গ্ৰহণৰ বিৰুদ্ধে সম্প্ৰতি প্ৰতিবাদমুখৰ হৈ পৰে সমগ্ৰ ৰাজ্য ৷ মাৰ্ঘেৰিটাতো আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ব্লক তিনিআলিত ভূমি নীতিৰ প্ৰতিলিপি দাহনেৰে গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী ৷ আছুৰ স্পষ্ট অভিযোগ যে,সততে জাতি-মাটি-ভেটি ৰক্ষাৰ কথা কোৱা বিজেপি চৰকাৰে খিলঞ্জীয়া ৰাইজৰ আবেগত আঘাত হানি গ্ৰহণ কৰিছে এই সিদ্ধান্ত ৷

ভূমি নীতি প্ৰৱৰ্তনৰ বিৰুদ্ধে প্ৰতিবাদ

শেহতীয়াকৈ কেবিনেটত গ্ৰহণ কৰা অধিসূচনাৰ যোগেদি ৰাজহ বিভাগৰ অনুমতি অবিহনে যি কোনো লোকে উদ্যোগ স্থাপনৰ নামত অসমৰ মাটি কিনাৰ যি নীতি গ্ৰহণ কৰিছে, ই সম্পূৰ্ণৰূপে খিলঞ্জীয়া বিৰোধী ৷ এয়া অসমীয়া লোকৰ বাবে এক চৰম প্ৰতাৰণা বুলি অভিযোগ কৰি আছুৱে জাতি-মাটি-ভেটিৰ সুৰক্ষা বিজেপি চৰকাৰৰ মাত্ৰ শ্লোগান বুলিহে উল্লেখ কৰে ৷

লগতে চাওকঃ গোলাঘাটত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.