ETV Bharat / state

বন বিষয়াৰ চিণ্ডিকেটৰাজৰ অভিযোগত ডুমডুমাত আছুৰ প্ৰতিবাদ

author img

By

Published : Mar 8, 2022, 9:59 PM IST

বন সংমণ্ডল বিষয়াৰ বিৰুদ্ধে ডুমুডুমাত প্ৰতিবাদ (Protest against DFO at Doomdooma)৷ বন বিষয়াৰ কৃপাত বন ধ্বংস কৰাৰ অভিযোগ আছুৰ ৷

Protest against DFO at Doomdooma
বন বিষয়াৰ চিণ্ডিকেটৰাজৰ অভিযোগত ডুমডুমাত আছুৰ প্ৰতিবাদ

শদিয়া, 8 মাৰ্চ: অৰুণাচলৰ নামচাই, চাংলাং, লোহিত আদি জিলাত অবাধ বনধ্বংসৰে (Deforestation in Arunachal Pradesh) একাংশ কাঠ মাফিয়াই তিনিচুকীয়া জিলাৰ ডুমডুমা হৈ অসমৰ বিভিন্ন ঠাইত নিৰ্বিঘ্নে কাঠ সৰবৰাহ কৰি অহা ঘটনাই প্ৰকৃতিপ্ৰেমী আৰু দল-সংগঠনসমূহক উদ্বিগ্ন কৰি তুলিছে ৷ দিনে-নিশাই ট্ৰাকে-ট্ৰাকে কাঠ সৰবৰাহ হৈ থকা বাতৰি ধাৰাবাহিকভাবে সংবাদ মাধ্যমে প্ৰকাশ কৰি অহা স্বত্তেও বন বিভাগ কিম্বা চৰকাৰৰ গা লৰা দেখা নোযোৱাত আছুৱে ৰৃপায়ন কৰিলে বিক্ষোভ কাৰ্যসূচী ৷

মঙলবাৰে আছুৰ ডুমডুমা আঞ্চলিক সমিতিয়ে ডুমডুমা বন সংমণ্ডল বিষয়াৰ কাৰ্যালয়ত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ ডুমডুমাৰ বন সংমণ্ডল বিষয়াগৰাকীৰ প্ৰত্যক্ষ সহযোগত কাঠ মাফিয়াই অবৈধ কাঠৰ বেহা চলাই থকাৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷ DFO ৰ চিণ্ডিকেট ৰাজ নচলিব, বন বিভাগ মুৰ্দাবাদ, আদি বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে (Protest against DFO at Doom Dooma) ৷

আনহাতে বন সংমণ্ডল বিষয়াগৰাকীয়ে আছুৰ অভিযোগ আৰু সংবাদ মাধ্যমৰ বাতৰিক ভিত্তিহীন বুলি কৈ কোনোধৰনৰ অবৈধ কাঠৰ সৰবৰাহ হোৱা নাই বুলি দাবী কৰে ৷ আছুয়ে বন সংমণ্ডল বিষয়াগৰাকীক এক স্মাৰকপত্ৰ অৰ্পন কৰি শীঘ্ৰে অবৈধ কাঠ সৰবৰাহত নাকি লগাই বনধংস বন্ধ কৰিবলৈ দাবী জনায় অন্যথা বন বিভাগ আৰু বন সংমণ্ডল বিষয়াগৰাকীৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তুলাৰ হুংকাৰ দিয়ে ৷ ক্ষমতাশালী লোকৰ চত্ৰছায়াত অব্যাহত থকা অৰুণাচল আৰু তিনিচুকীয়া জিলাৰ সংৰক্ষিত বনাঞ্চলৰ ধ্বংসযজ্ঞ আছুৰ বিক্ষোভে ৰক্ষা কৰিবলৈ সক্ষম হ’ব নে নাই সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব ৷

লগতে পঢ়ক: Mission one lakh: আইনী জটিলতা বাধা হ'ব পাৰে চৰকাৰৰ এক লাখ নিযুক্তি প্ৰদানৰ লক্ষ্যত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.