ETV Bharat / state

আছাৰ উদ্যোগত মাকুমত অৱস্থান ধৰ্মঘট কাৰ্যসূচী - শ্রম আইন

তিনিচুকীয়া জিলাৰ মাকুমত সোমবাৰে আছাৰ মাকুম আঞ্চলিক সমিতিৰ উদ্য়োগত আৰু আদিবাসী মহিলা সন্থাৰ সহযোগত ৰূপায়ণ কৰা হয় দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী। ইয়াৰ উপৰি আছাই বহুকেইটা দাবীৰে তিনিচুকীয়া জিলা উপায়ুক্তলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

As_01_MAKUM_AASAA_PROTEST_IMG_10027
আছাৰ উদ্যোগত মাকুমত অৱস্থান ধৰ্মঘট কাৰ্যসূচী
author img

By

Published : Nov 9, 2020, 7:55 PM IST

মাকুম,9নৱেম্বৰঃ তিনিচুকীয়া জিলাৰ মাকুমত সোমবাৰে আছাৰ মাকুম আঞ্চলিক সমিতিৰ উদ্য়োগত আৰু আদিবাসী মহিলা সন্থাৰ সহযোগত ৰূপায়ণ কৰা হয় দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী।

মাকুমৰ বিভিন্ন অঞ্চলৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত লাগি থকা লাইন হোটেল তথা ধাবাসমূহত অনুজ্ঞা পত্ৰ অবিহনে অবৈধ চুলাই মদৰ লগতে বিলাতী সুৰা বিক্ৰী কৰাৰ অভিযোগ তোলে সংগঠনটোৱে ৷ তদুপৰি মাকুম অঞ্চলৰ অন্তৰ্গত আদিবাসী লোক সকলৰ মাটি সমূহ একাংশ পুঁজিপতি মালিকগোষ্ঠীয়ে যি টকাৰ প্রলাভনেৰে দেখুৱাই যড়যন্ত্রমূলক ভাৱে ফুচুলাই মাটিৰ নামজাৰী হস্তান্তৰ কৰিছে সেইয়া বন্ধ কৰাৰ দাবী জনায় সংগঠনটোৱে ।

আনহাতে বিভিন্ন ঔদ্যোগিক প্রতিষ্ঠান সমূহত শ্রম আইনৰ অধীনত শ্রমিক সকলৰ ন্যায্য প্রাপ্য, সুবিধা প্রদান কৰাৰ লগতে ১৯৪৭ৰ নূন্যতম দৈনিক মজুৰি আইনমতে শ্রমিকৰ দৈনিক মজুৰি প্ৰদান কৰাৰো দাবী উত্থাপন কৰে ৷ ইয়াৰ উপৰি আছাই বহুকেইটা দাবীৰে তিনিচুকীয়া জিলা উপায়ুক্তলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে।

লগতে পঢ়কঃ নীলা পানী হ্ৰদত প্ৰশাসনৰ ১৪৪ ধাৰা বলবৎ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.