ETV Bharat / state

সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শ্বহীদ দিৱস উদযাপন - আদিবাসী ছাত্ৰ সন্থাৰ

আদিবাসী লোকসকলক জনজাতিকৰণৰ দাবীত প্ৰাণ আহুতি দিয়া আঠ জনকৈ আদিবাসী ছাত্ৰ সন্থাৰ কৰ্মীৰ পবিত্ৰ স্মৃতিত এই শ্বহীদ দিৱস প্ৰতি বছৰে অনুষ্ঠিত কৰি আহিছে সংগঠনটোৱে ৷

aasa-sohid-divas-day-celebrations-at-naharkatiya
সদৌ অসম আদিবাসি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শ্বহীদ দিৱস উদযাপন
author img

By

Published : Jul 26, 2020, 7:57 AM IST

নাহৰকটীয়া, 26জুলাইঃ অসম আদিবাসী ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত আৰু নাহৰকটীয়া আঞ্চলিক সমিতিৰ সহযোগত হাপজান পৰ্বত চাহ বাগিছাৰ প্ৰেক্ষাগৃহত, শনিবাৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ(আছা) ১৭ সংখ্যক কেন্দ্ৰীয় শ্বহীদ দিৱস কাৰ্যসূচী অনুষ্ঠিত কৰে ৷

উল্লেখ্য যে, ২০০৩ চনৰ ২৫ জুলাই তাৰিখে আদিবাসী লোকসকলক জনজাতিকৰণৰ দাবীত প্ৰাণ আহুতি দিয়া আঠ জনকৈ আদিবাসী ছাত্ৰ সন্থাৰ কৰ্মীৰ পবিত্ৰ স্মৃতিত এই শ্বহীদ দিৱস প্ৰতি বছৰে অনুষ্ঠিত কৰি আহিছে ৷ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি মদন বাগৱাৰে পটাকা উত্তোলনেৰে শুভাৰম্ভ কৰা উক্ত কাৰ্যসূচীত শ্বহীদ তৰ্পণ কৰে ডিব্ৰুগড় জিলাৰ সাধাৰণ সম্পাদক মনোজ ওৰাঙে ৷

ইফালে উক্ত কাৰ্যসূচীত উপস্থিত থাকি সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক দেবেন ওৰাঙে চাহ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো বিজেপি নেতৃত্বাধীন চৰকাৰখনক গুৰুত্ব দিবলৈ দাবী জনোৱাৰ লগতে অখিল গগৈৰ মুক্তিৰো দাবী উত্থাপন কৰে ৷ এই সভাত আছাৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি ৰূস্তম কুজুৰ, নাহৰকটীয়া আঞ্চলিক সমিতিৰ সভাপতি জিতেন ওৰাং, সম্পাদক মিখেল পুৰ্টী ডিব্ৰুগড় জিলাৰ উপ সভাপতি শিৱা কুৰ্মী, সহঃ সাধাৰণ সম্পাদক মিঠুৰাজ ক্ৰিস্কেকে প্ৰমূখ্য কৰি আছাৰ বহুকেইগৰাকী শীৰ্ষস্থানীয় নেতা উপস্থিত থাকে ৷

সদৌ অসম আদিবাসি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শ্বহীদ দিৱস উদযাপন
লগতে পঢ়কঃ COVID-১৯ : ৰাজ্যত পুনৰ 1165 গৰাকী পজিটিভ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.