ETV Bharat / state

AASA protest at Doom Dooma: সমস্যা সমাধানৰ দাবীৰে আছাৰ প্ৰতিবাদ - মজুৰী বৃদ্ধিৰ দাবী

বিভিন্ন সমস্যাৰে জৰ্জৰিত চাহ শ্ৰমিক সকলক(Tea labours of Assam) জনজাতিকৰণ প্ৰদান কৰা, জাতিগত প্ৰমাণ পত্ৰত আদিবাসী নামেৰে নামকৰণ কৰা আৰু সদৌ আদিবাসীসকলক ভূমি পট্টা প্ৰদান কৰাৰ দাবীৰে সদৌ আদিবাসী ছাত্ৰ সন্থাৰ ডুমডুমা আঞ্চলিক সমিতিৰ প্ৰতিবাদ (Doom Dooma AASA protest)৷

চাহ জনগোষ্ঠীয় লোকসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীৰে AASAৰ প্ৰতিবাদ

author img

By

Published : Dec 17, 2021, 10:29 AM IST

শদিয়া, 17 ডিচেম্বৰ : বছৰ বছৰ ধৰি চাহ জনগোষ্ঠীয় লোকসকলে জনজাতিকৰণৰ লগতে মজুৰী বৃদ্ধিৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে (Tea workers demand for ST status) ৷ কিন্তু এই ক্ষেত্ৰত চৰকাৰে কোনো গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই ৷ চৰকাৰ আহে চৰকাৰ যায়, কিন্তু আজি পৰ্যন্ত চাহ জনগোষ্ঠীয় লোকসকলৰ সমস্যাৰ কোনো সমাধান হোৱা নাই ৷

দীৰ্ঘদিনৰ পৰা চাহ জনগোষ্ঠীৰ লোকসকল শোষণ আৰু বঞ্চনাৰ বলি হৈ বিভিন্ন ক্ষেত্ৰত পিছপৰি থকাৰ অভিযোগ প্ৰায়েই উত্থাপিত হৈ আহিছে । অসমৰ সমাজ জীৱনৰ সৈতে একাত্ম হৈ থকা চাহ জনগোষ্ঠীৰ লোকসকলৰ শিক্ষা, স্বাস্থ্য, বিশুদ্ধ খোৱাপানী, থাকিবৰ কাৰণে ঘৰ, অনাময় ব্যৱস্থা আদিৰ ক্ষেত্ৰত চৰকাৰে আওকাণ কৰা বুলি প্ৰায়ে দাবী উঠে । জনগোষ্ঠীটোৰ উন্নয়নৰ কাৰণে বিশেষ উন্নয়ণমূলক আঁচনি (Developmental scheme for tea workers), পুঁজি ধাৰ্যকে ধৰি বিভিন্ন ক্ষেত্ৰত প্ৰতিখন চৰকাৰে কেৱল আশাহে দি অহা দেখা গৈছে ।

চাহ জনগোষ্ঠীয় লোকসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীৰে AASAৰ প্ৰতিবাদ
চাহ জনগোষ্ঠীয় লোকসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীৰে AASAৰ প্ৰতিবাদ

সেয়ে বিভিন্ন সমস্যাৰে জৰ্জৰিত চাহ শ্ৰমিক সকলক (Tea garden workers of Assam) জনজাতিকৰণ প্ৰদান কৰা, জাতিগত প্ৰমাণ পত্ৰত আদিবাসী নামেৰে নামাকৰণ কৰা আৰু আদিবাসীসকলক ভূমি পট্টা প্ৰদান কৰাৰ দাবীত বৃহস্পতিবাৰে সদৌ আদিবাসী ছাত্ৰ সন্থাৰ ডুমডুমা আঞ্চলিক সমিতিৰ উদ্যোগত সমূহ প্ৰাথমিক গোটৰ সহযোগত ডুমডুমা চহৰৰ মাজমজিয়াত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে(AASA protest at Doom Dooma) ৷

চাহ জনগোষ্ঠী অৰ্থাৎ আদিবাসী সকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত ডুমডুমাত চাহ জনগোষ্ঠীৰ প্ৰতিনিধি তথা মন্ত্ৰী ৰামেশ্বৰ তেলী, পল্লৱলোচন দাসৰ প্ৰতিকৃতি দাহ কৰি হ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে(Effigy burn of Adivasi political leader) ৷ লগতে এই কাৰ্যসূচীত আদিবাসী ছাত্ৰ সন্থাৰ জিলা, শাখাৰ নেতৃবৃন্দই অংশগ্ৰহণ কৰি অনতিপলমে আদিবাসীসকলৰ এই সমস্যাসমূহ সমাধান কৰিবলৈ দাবী উত্থাপন কৰে ৷

লগতে পঢ়ক : চাহ জনগোষ্ঠীৰ ছাত্র-ছাত্ৰীৰ জলপানিৰ নামত ব্যাপক খেলিমেলি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.