তিনিচুকীয়া, ১২ ফেব্ৰুৱাৰী: আজিৰ ব্যস্ত জীৱনত কোনোৱে কাৰো প্ৰতি উভতি চাবলৈও সময় নাই ৷ কিন্তু তাৰ মাজতে এনে কিছু লোক আছে যিসকলে নিজৰ ব্যস্ততাৰ মাজতে সময় উলিয়াই সমাজৰ হকে আগবঢ়াই আহিছে সেৱা ৷ তেনে এজন ব্যক্তি হৈছে দীপক দাস ৷ দীপক দাস পেচাত এজন দৰ্জী (Social work of Dipak Das)। কিন্তু বিগত ২২ বছৰে যান-বাহন আৰক্ষীৰ সেৱা আগবঢ়াই আহিছে ৷
তিনিচুকীয়া জিলাৰ মাকুমৰ নিবাসী দীপক দাসে মাকুম নগৰৰ ট্ৰেফিক পইণ্টৰ সমীপৰ এখন কাপোৰৰ দোকানৰ সন্মুখতে এটা কাপোৰ চিলোৱা মেচিন লৈ ছাত্ৰ অৱস্থাৰ পৰাই চলাই আহিছে জীৱন সংগ্ৰাম (Dipak Das serving as a Traffic Police) ৷ এইজন ব্য়ক্তিয়ে নিজৰ দায়িত্ব নিষ্ঠা আৰু সততাৰে পালন কৰি যোৱাত মাকুমবাসীৰ এখন তেনেই চিনাকি মুখ হৈ পৰিছে ৷
পৰৱৰ্তী সময়ত তেওঁ যোগদান কৰে মাকুম আৰক্ষী থানাৰ অধীনৰ এজন গাঁওৰক্ষী বাহিনীৰ কৰ্মী হিচাপে ৷ দীপক দাসে দৰ্জীৰ কামত ব্যস্ত থকাৰ সময়তে সদাব্যস্ত মাকুম ট্ৰেফিক পইণ্টত যান-বাহনৰ ভিৰৰ লগতে বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সমস্যা দেখি সহ্য কৰিব নোৱাৰিলে ৷
সদায় একে যান-যঁট দেখা পাই দাসে ৰাইজৰ সেৱাৰ অৰ্থে যান-বাহন আৰক্ষীক সহায় কৰিবলৈ আগবাঢ়ে ৷ যান-বাহন আৰক্ষীক সহায় কৰি যান-বাহন আৰক্ষীৰ দৰেই তেওঁ সুদক্ষ হৈ পৰে যান-যঁটৰ নিয়ন্ত্ৰণ কৰাত ৷ পাচত তেওঁ নিজৰ কৰ্মৰ সমানে যান-বাহন নিয়ন্ত্ৰণত সহায় কৰি প্ৰশংসা বুটলি আহিছে বিভিন্নজনৰ পৰা ।
দীপক দাসে কেইবাবাৰো তেওঁৰ কৰ্মৰ কাৰণে আৰক্ষী অধীক্ষকৰ পৰা শ্ৰেষ্ঠ গাঁওৰক্ষী বাহিনীৰ কৰ্মী হিচাপে সন্মান লাভ কৰি আহিছে ৷ তেওঁ পুৱা ৮ বজাৰ পৰা দিনৰ ১ বজালৈ ট্ৰেফিক পইণ্টৰ সন্মুখতে দৰ্জীৰ কাম কৰি পুনৰ দিনৰ ২ বজাৰ পৰা নিশা ৮ বজালৈ দৈনিক এনেদৰেই যান-বাহন আৰক্ষীৰ সৈতে যান-বাহন নিয়ন্ত্ৰণৰ জৰিয়তে কৰি আহিছে সমাজ সেৱা (Unique traffic police in Makum) ৷
তেওঁ এই কামৰ কাৰণে এতিয়া মাকুমত সকলোৰে মাজত পৰিচিত হৈছে । সেয়েহে তেওঁক বিভিন্ন ৰাজহুৱা অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰি সন্মান প্ৰদান কৰিছে দল-সংগঠন আদিয়ে ৷ ইফালে, কিছু বছৰ পূৰ্বে জিলাখনৰ আৰক্ষী অধীক্ষক এগৰাকীয়ে তেওঁক গাঁওৰক্ষী বাহিনীৰ সলনি গৃহৰক্ষী বাহিনীত ভৰ্ত্তি কৰাৰ কাৰণে যাৱতীয় কাম-কাজ আৰম্ভ কৰিছিল যদিও আৰক্ষী অধীক্ষকগৰাকী সলনি হৈ যোৱাত আধৰুৱা হৈ ৰ'ল বুলি তেওঁ কয় ৷
লগতে পঢ়ক:Useless B R Ambedkar Bhawan: অৰ্ধকোটি টকাৰে নিৰ্মাণ কৰা চৰকাৰী গৃহ পৰিণত ভূত বাংলালৈ