কাকপথাৰ, 5 ফেব্ৰুৱাৰী : বুধবাৰে কাকপথাৰস্থিত 14 Assam Regimentৰ এটা দলে অভিযান চলাই এটা ডকাইত আটক কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে কৰ্দৈগুৰি কেৰাণী গাঁৱৰ কুকুল মৰাণ ওৰফে ৰাজুয়ে ডুমডুমাৰ ভিন্ন প্ৰান্তত ডকাইটি কাণ্ড সংঘটিত কৰিছিল ৷ বন্ধন গোটৰ ধন লুটৰ লগতে বিভিন্ন অপৰাধজনিত ঘটনাত জড়িত আছিল ধৃত কুকুল মৰাণ ওৰফে ৰাজু । আটকাধীন ৰাজুক 14 Assam Regimentয়ে বাঘজান আৰক্ষীক গতাই দিয়ে ।
আৰু পঢ়ক : কাকপথাৰৰ পৰা মটৰ চাইকেলৰে পাকিস্তানলৈ তীৰ্থ যাত্ৰা যুৱকৰ