ETV Bharat / state

ফিল'বাৰীত কিক বক্সিং প্ৰশিক্ষণৰ প্ৰথম সমাৱৰ্তন সভা

author img

By

Published : Oct 19, 2020, 10:59 AM IST

তিনিচুকীয়াৰ ফিল'বাৰীত কিক বক্সিং প্ৰশিক্ষণৰ প্ৰথম সমাৱৰ্তন সভা। তিনিচুকীয়া জিলা কিক বক্সিং এছ'চিয়েচনৰ উদ্যোগত এই অনুষ্ঠানৰ আয়োজন। ১০ গৰাকী প্ৰশিক্ষাৰ্থীক ৰঙা আৰু হালধীয়া বেল্ট প্ৰদান।

ফিল'বাৰীত কিক বক্সিং প্ৰশিক্ষণৰ প্ৰথম সমাৱৰ্তন সভা
ফিল'বাৰীত কিক বক্সিং প্ৰশিক্ষণৰ প্ৰথম সমাৱৰ্তন সভা

তিনিচুকীয়া, ১৯ অক্টোবৰ: তিনিচুকীয়া জিলাৰ ফিল'বাৰীত ৰাষ্ট্ৰীয় পৰ্যায়ৰ কিক বক্সিং খেলুৱৈ গৌৰী সোণোৱালৰ প্ৰচেষ্ঠাত শতাধিক ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষণ দিয়া হৈছে। ফিল'বাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত কিক বক্সিঙৰ প্ৰথম সমাৱৰ্তন সভা অনুষ্ঠিত হয়। তিনিচুকীয়া জিলা কিক বক্সিং এছ'চিয়েচনৰ তদাৰকত সমাৱৰ্তন অনুষ্ঠানৰ আয়োজন কৰা হয়। ১০ গৰাকী প্ৰশিক্ষাৰ্থীক ৰঙা আৰু হালধীয়া বেল্ট প্ৰদান কৰা হয়।

ফিল'বাৰীৰ ৩টা স্থানত ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ গৌৰী সোণোৱালৰ নেতৃত্বত শতাধিক ছাত্ৰ-ছাত্ৰীয়ে সমৰ কলাৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। ফিল'বাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক বিদ্যুত বিকাশ শইকীয়াই সমাৱৰ্তন সভাৰ সভাপতিত্ব কৰে। তিনিচুকীয়া জিলা কিক বক্সিং এছ'চিয়েচনৰ সাধাৰণ সম্পাদক জুবুল হুচেইনেও অনুষ্ঠানত অংশগ্ৰহণ কৰে।

লগতে পঢ়ক:উত্তেজনা অব্যাহত অসম-মিজোৰাম সীমান্তত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.