ETV Bharat / state

International Yoga Day 2023:তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্য়োগত যোগ দিৱস পালন

author img

By

Published : Jun 21, 2023, 8:21 PM IST

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষ্যে বুধবাৰে অসমতো বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয় । ৰাজ্য়ত চৰকাৰী পৰ্যায়তো এই দিৱস বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয় ।

International Yoga Day 2023
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস

তিনিচুকীয়া, ২১ জুন: সমগ্ৰ বিশ্বতে নৱম সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হৈছে ৷ দেশ তথা ৰাজ্যৰ প্ৰতিখন জিলাৰ লগতে তিনিচুকীয়া জিলাতো পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস । তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত জিলা স্বাস্থ্য সমিতি তিনিচুকীয়াৰ সহযোগত নৱম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস বুধবাৰে মানৱ কল্যাণ পূজা ভৱনত উদযাপন কৰা হয় । বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা যোগ দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে শ্ৰম আৰু চাহ জনজাতি কল্যাণ মন্ত্ৰী সঞ্জয় কিষাণ, জিলা উপায়ুক্ত স্বপ্নীল পাল, জিলা উন্নয়ন আয়ুক্ত সুশান্ত কুমাৰ দত্ত আদি ।

অতিৰিক্ত উপাযুক্ত (স্বাস্থ্য ) চিন্ময় পাঠক, তিনিচুকীয়া জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ জয়ন্ত ভট্টাচাৰ্য, তিনিচুকীয়া পৌৰসভাৰ সভাপতি পৱিত্ৰ গগৈ, তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সভাপতি কাজল গোহাঁই, তিনিচুকীয়া পৌৰসভাৰ কাৰ্যবাহী বিষয়া মঞ্জিত দ'লে, নিৰ্বাচনী বিষয়া কংকনজ্যোতি শইকীয়া, সহকাৰী আয়ুক্তসকল ক্ৰমে দিপাৱলী কুৰ্মী, ৰুনজুন বৰা, বন্দিত গগৈ প্ৰমুখ্যে আৰক্ষী তথা জিলা প্ৰশাসনৰ অন্যান্য বিষয়বৱীয়া আৰু বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে । যোগ দিৱসৰ কাৰ্যসূচীত উপস্থিত সকলোৱে ব্ৰহ্মকুমাৰী,পতাঞ্জলি আৰু দ্য আৰ্ট অৱ লিভিঙৰ তত্বাৱধনত যোগাসন, প্ৰাণায়াম আৰু ধ্যানত অংশগ্ৰহণ কৰে ।

এইখিনিতে উল্লেখ কৰিব পাৰি যে ২০১৪ চনৰ ২৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিশ্বৰ সকলো দেশকে সংযুক্ত সাধাৰণ পৰিষদত যোগ দিৱস পালন কৰিবলৈ আহ্বান জনাইছিল । তেওঁৰ এই আহ্বানৰ পিচতেই বিষয়টোৱে বিশ্ববাসীৰ মাজত চৰ্চা লাভ কৰাত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে এক প্ৰস্তাব গ্ৰহণ কৰে । ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে তিনিমাহৰ ভিতৰতে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আয়োজন কৰাৰ কথা ঘোষণা কৰাৰ লগে লগে সকলোৱে এই সিদ্ধান্তক আদৰণি জনায় । যোগৰ লগতে প্ৰাচীন ভাৰতীয় প্ৰথাৰ লাভালাভৰ বিষয়ে সজাগতা বিয়পাবলৈ আজি দেশৰ বিভিন্ন প্ৰান্ততো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয় ।

লগতে পঢ়ক:Manipur Violence : মণিপুৰ জ্বলাৰ ৫০ দিন পিছতো কৰ্তব্য সম্পাদনত বিফল প্ৰধানমন্ত্ৰী; কংগ্ৰেছৰ অভিযোগ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.