ETV Bharat / entertainment

বেলতলা বজাৰত হনুমেনে কিনিলে কি ? - JOY HANU MAN MOVIE

author img

By ETV Bharat Entertainment Team

Published : 2 hours ago

Assamese Movie Joy Hanu Man: বজাৰৰ মাজত ৰাইজৰ ভিৰত হনুমেনে দিলে দৰ্শন ৷ প্ৰশ্ন কৰিলে তেওঁলোকৰ দৈনন্দিন জীৱনৰ বিষয়ে ৷ চাওঁ আহকচোন সাধাৰণ জনতাৰ দিনবোৰ কেনেদৰে পাৰ হৈছে-

upcoming assamese movie joy hanu man promotional event at Beltola Bazaar
হনুমেনৰ প্ৰচাৰ (ETV Bharat Assam)

গুৱাহাটী, 3 অক্টোবৰ : বেলতলা বজাৰত বৃহস্পতিবাৰে আবিৰ্ভাৱ হনুমেনৰ । হঠাৎ বেলতলা বজাৰত উপস্থিত হৈ হনুমেনৰ প্ৰতিবাদ । এখন তিনিচকীয়া বাহনত উঠি বজাৰৰ মাজত প্ৰতিবাদ কৰে হনুমেনে । স্মাৰ্ট মিটাৰক লৈ এই প্ৰতিবাদ হনুমেনৰ ।

সাম্প্ৰতিক সময়ত স্মাৰ্ট মিটাৰে জুৰুলা কৰিছে প্ৰতিগৰাকী সাধাৰণ জনতাক । সেয়েহে বজাৰলৈ অহা প্ৰতিগৰাকী গ্ৰাহকক হনুমেনে প্ৰশ্ন কৰিছে যে স্মাৰ্ট মিটাৰ লাগে নে নালাগে ? সাধাৰণ জনতাৰ উত্তৰৰ সৈতে একমত হৈ স্মাৰ্ট মিটাৰ বন্ধ কৰাৰো দাবী উত্থাপন কৰে হনুমেনে । অন্যথা বোলে বিধানসভালৈকো যাব হনুমেন ।

হনুমেনৰ প্ৰশ্নৰ উত্তৰত সাধাৰণ ৰাইজে একেষাৰেই মন্তব্য কৰে যে তেওঁলোকক স্মাৰ্ট মিটাৰ নালাগে । পূৰ্বৰ মিটাৰতকৈ বহু বেছি বিল আহে স্মাৰ্ট মিটাৰত । উল্লেখ্য যে অহা 18 অক্টোবৰত মুক্তি লাভ কৰিব পৰিচালক হিমাংশু প্ৰসাদ দাসৰ নতুন অসমীয়া ছবি জয় হনুমেনে । দুৰ্নীতি, ধৰ্ষণ, সমাজত সঘনাই ঘটিবলৈ ধৰা অপৰাধজনিত ঘটনাকে ধৰি বিভিন্ন ধৰণৰ অনিয়মৰ পৰা সমাজখন কেনেকৈ বচাই ৰাখিব লাগে, তাকে দাঙি ধৰা হৈছে জয় হনুমেন ছবিখনত । সেয়েহে আজি বৃহস্পতিবাৰে জয় হনুমেন ছবিখনৰ প্ৰচাৰ কৰিবলৈ মহানগৰীৰ বেলতলা বজাৰত উপস্থিত হয় টীম জয় হনুমেন ৷

ৰাইজৰ মাজত হনুমেন (ETV Bharat Assam)

লগতে পঢ়ক : প্ৰতি সপ্তাহতে চিনেমা মুক্তি পোৱাটো শুভ লক্ষণ নে ? কি কয় বুলু ফিল্মৰ স্ৰষ্টাই - Himanshu Prasad Das Joy Hanu man

পৰিচালক হিমাংশু প্ৰসাদ দাসসহ অন্যান্য শিল্পীসকলে ৰাজ্যৰ বৰ্তমান চৰ্চিত সমস্যা স্মাৰ্ট মিটাৰক লৈ সাব্যস্ত কৰে প্ৰতিবাদ আৰু 18 অক্টোবৰত মুক্তি লাভ কৰিবলগীয়া অসমীয়া ছবিখন চাবলৈ সকলোকে আহ্বান জনাই সমগ্ৰ টীমটোৱে । উল্লেখ্য যে হিমাংশু প্ৰসাদ দাসৰ পৰিচালনাৰে আহিবলগীয়া ছবিখনত দৰ্শকে দেখিবলৈ পাব অসমীয়া অভিনয় জগতৰ কেবাখনো চিনাকী মুখ ৷ সিদ্ধাৰ্থ বড়ো, অমৃতা গগৈ, জয় কাশ্যপ, অনন্যা কাশ্যপ, গীতাৱলী ৰাজকুমাৰী, বিভূতি ভূষণ হাজৰিকা, ভাস্কৰ তামুলী, ৰাজীৱ গোস্বামী, জ্যোতি নাৰায়ণ নাথ, অসীম কৃষ্ণ বৰুৱা, প্ৰণামী বৰা, নৱজ্যোতি নাথ, জিণ্টু কুমাৰ কাশ্যপ আদিকে ধৰি কেবাগৰাকীও ন-পুৰণি অভিনেতা-অভিনেত্ৰীক এই ছবিখনত দেখিবলৈ পোৱা যাব ৷ ছবিখনৰ চিত্ৰনাট্য আৰু সংলাপ হিমাংশু প্ৰসাদ দাস, শান্তনু ৰৌমৰীয়া আৰু অধিৰাজ কাশ্যপৰ ৷

লগতে পঢ়ক : জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ কাহিনীক লৈ নিৰ্মাণ কৰা হৈছে নেকি ‘জয় হনুমেন’ ? - Himanshu Prasad Das Joy Hanu Man

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.