ETV Bharat / state

ৰাজ্যৰ ভিন্ন প্ৰান্তত উদযাপন 74 সংখ্যক স্বাধীনতা দিৱস

author img

By

Published : Aug 15, 2020, 12:32 PM IST

সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হৈছে দেশৰ 74 সংখ্যক স্বাধীনতা দিৱস ৷ সেই উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্টুপীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে দিৱসটো ৷ কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সীমিত সংখ্যক কাৰ্যসূচীৰে এইবৰ্ষৰ স্বাধীনতা দিৱসটো পালন কৰা হৈছে ৷

74 th indipendence day celebration at barhampur khumtai tinsukia assam etv bharat news
74 সংখ্যক স্বাধীনতা দিৱস উদযাপন

নিউজ ডেস্ক,15 আগষ্ট: ৰাজ্যৰ ভিন্ন প্ৰান্তত শনিবাৰৰ দিনটোত পালন কৰা হয় দেশৰ 74 সংখ্য়ক স্বাধীনতা দিৱস ৷ অন্যান্য প্ৰান্তৰ লেখীয়াকৈ নগাঁৱৰ কামপুৰৰ কেন্দ্ৰীয় ৰাসপথাৰত উদযাপন কৰা হৈছে স্বাধীনতা দিৱসৰ কাৰ্যসূচী ৷ কৰ’ণা মহামাৰীৰ বাবে সীমিত সংখ্যক লোকৰ উপস্থিতিত দিৱসটো পালন কৰা হয় ৷ কামপুৰত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে ৰাজহ চক্ৰ বিষয়া ড৹ সংগীতা বৰঠাকুৰে ।

74 সংখ্যক স্বাধীনতা দিৱস উদযাপন

খুমটাই: গোলাঘাটৰ খুমটাইত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত পালন কৰা হৈছে স্বাধীনতা দিৱস ৷ কৰ’ণা মহামাৰীৰ বাবে পূৰ্বৰ তুলনাত এইবেলি ম্লান পৰিছে স্বাধীনতা দিৱসৰ উৎসাহ-উদ্দীপনা ৷ প্ৰতিকূল বতৰক নেওচি পালন কৰা স্বাধীনতা দিৱসত সকলো কৰ্মচাৰীৰ উপস্থিতিত পতাকা উত্তোলন কৰে চক্ৰ বিষয়া জ্ঞানজ্যোতি দত্তই ৷ উক্ত কাৰ্যসূচীত খুমটাইৰ প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সহায় আগবঢ়োৱা ১৬ গৰাকী ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷

কৰ’ণা ভাইৰাছৰ বাবে ম্লান আনন্দ

তিনিচুকীয়া: কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ মাজতো দেশে পালন কৰে 74 সংখ্যক স্বাধীনতা দিৱস ৷ ৰাজ্যৰ অন্য প্ৰান্তৰ দৰে তিনিচুকীয়াতো উলহ-মালহেৰে পালন কৰা হয় দিৱসটো ৷ জিলাখনৰ চৰকাৰী কাৰিকৰী প্ৰশিক্ষণ প্ৰতিষ্ঠান খেলপথাৰত জিলা উপায়ুক্ত ভাষ্কৰ পেগুৱে চৰকাৰীভাৱে আয়োজন কৰা স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে ৷ ইফালে কৰ’ণাৰ ত্ৰাসৰ বাবে জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে এই অনুষ্ঠানত অংশগ্ৰহণৰ পৰিৱৰ্তে আৰক্ষীৰ জোৱানসকলে অংশগ্ৰহণ কৰে পেৰেডত ৷

তিনিচুকীয়াতো পালন স্বাধীনতা দিৱস

লগতে চাওকঃ ৰঙিয়াত অনুষ্টুপীয়াকৈ পালন 74 সংখ্যক স্বাধীনতা দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.