মাৰ্ঘেৰিটা, 26 মে' : এচাম ব্যক্তিৰ চূড়ান্ত গাফিলতি আৰু অকৰ্মণ্যতাৰ বাবে জাগুনৰ ফানেং গাঁৱত দেওবাৰে সংঘটিত হয় এক কৰুণ ঘটনা ৷ উচ্চ বিদুৎ পৰিবাহী তাঁৰত লাগি এটি ৭ বছৰীয়া এটি শিশুৰ থিতাতে মৃত্যু হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় আন এটি শিশু ৷ পুৱা ৭ বজাতে দুই বন্ধুৰ সৈতে কাঠফুলা বিচাৰি একেখন গাঁৱৰে ৰঞ্জিত পজিয়াল নামৰ এগৰাকী লোকৰ বাৰীত প্ৰৱেশ কৰিব লওতেই সংঘটিত হয় দুৰ্ঘটনাটো ৷ কোনো দুস্কৃতিকাৰীয়ে বাৰীত প্ৰৱেশ কৰিব বুলি সংযোগ কৰি ৰখা বিদুৎ প্ৰবাহিত তাঁৰৰ লাগি আইনয় মানহায় নামৰ শিশুটিৰ থিতাতে মৃত্যু হোৱাৰ লগতে আহত হয় বাব্লু ভোমিজ নামৰ আন এটি শিশু ৷
পৰৱৰ্তী সময়ত ঘটনাস্থলীত স্থানীয় ৰাইজ উপস্থিত হৈ আহত শিশুটিক চিকিৎসাৰ বাবে প্ৰেৰণ কৰাৰ লগতে ৰঞ্জিত পাজিয়াল নামৰ লোকজনৰ ওপৰত ক্ষুব্ধ হৈ পৰে স্থানীয় ৰাইজ ৷ বিদ্যুৎ চুৰি কৰি এনেদৰে বাৰীত বিদুৎ সংযোগ কৰাক লৈ উত্তেজিত হৈ পৰা ৰাইজে ব্যক্তিজনৰ ঘৰ, বাৰী সকলো ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে এনে দুষ্কাৰ্যৰ বাবে প্ৰশাসনৰ ওচৰত বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ৷ পাচত আৰক্ষী প্ৰশাসনৰ লোক উপস্থিত হৈ বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰাতহে পৰিস্থিতি শাম কাটে ৷ সম্প্ৰতি অভিযুক্ত ৰঞ্জিত পজিয়াল পলাতক অৱস্থাত থকাৰ বিপৰীতে মৃতদেহ জাগুন আৰক্ষীয়ে নিজৰ জিম্মাত ৰাখিছে ৷