ETV Bharat / state

তিনিচুকীয়াৰ পেঙেৰীত 699 জনক ম্যাদি পট্টা প্ৰদান - ভূমি পট্টা

বুধাবাৰে তিনিচুকীয়া জিলাৰ বুঢ়ীদিহিং মৌজাৰ মুঠ 699 জন লোকৰ মাজত ভূমি পট্টা আৰু আৱণ্টন পত্ৰ প্ৰদান ৷ এই বিতৰণ অনুষ্ঠানৰ শুভ উদ্বোধন কৰে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাই ।

699 people got Land lease in Tinsukia
তিনিচুকীয়াৰ পেঙেৰীত 699 জনক ম্যাদি পট্টা প্ৰদান
author img

By

Published : Oct 22, 2020, 10:24 AM IST

তিনিচুকীয়া,22 অক্টোবৰ : তিনিচুকীয়াৰ বুঢ়ীদিহিং মৌজাৰ পেঙেৰীত বুধবাৰে ম্যাদি পট্টা প্ৰদান । উল্লেখ্য যে,মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশ মৰ্মে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ তিনিটা মৌজাত মুঠ 1035 জন ভূমিহীন লোকৰ মাজত পট্টা আৰু আৱণ্টন পত্ৰ বিতৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷

699 people got Land lease in Tinsukia
তিনিচুকীয়াৰ পেঙেৰীত 699 জনক ম্যাদি পট্টা প্ৰদান

সেই উদ্দেশ্যে বুঢ়ীদিহিং মৌজাৰ মুঠ 699 জন লোকৰ মাজত ভূমি পট্টা আৰু আৱণ্টন পত্ৰ প্ৰদান কৰা হয় । অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হোৱা এই বিতৰণ অনুষ্ঠানৰ শুভ উদ্বোধন কৰে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাই ।

পেঙেৰী ক্লাৱত আয়োজিত অনুষ্ঠানটোত উপস্থিত থাকে মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা,মাৰ্ঘেৰিটা মহকুমাৰ মহকুমাধিপতি,ৰাজহুৱা চক্ৰ বিষয়া আৰু আৰক্ষী বিষয়া ৷

লগতে পঢ়ক : অৰুণোদয় আঁচনিৰ বিৰুদ্ধে সৰৱ সন্মিলিত যুৱ বিকাশ অসম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.