তিনিচুকীয়া, ৫ ছেপ্টেম্বৰ : আজি ৬২ সংখ্যক শিক্ষক দিৱস ৷ সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে তিনিচুকীয়া জিলা প্ৰশাসনৰ সৌজন্যত ড৹ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ স্মৃতিত জিলা শিক্ষা বিভাগে খগেশ্বৰ পথস্থিত তিনিচুকীয়া বেংগলী গাৰ্লছ হায়াৰ চেকেণ্ডেৰী স্কুলত উদযাপন কৰে শিক্ষক দিৱস ৷
অতি উলহ মালহেৰে উদযাপন কৰা এই অনুষ্ঠানত জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে তিনিচুকীয়া জিলা আযুক্ত স্বপ্নীল পাল, জিলা শিক্ষা বিষয়া বিতুপন হাজৰিকা, প্ৰাক্তন চেবা বৰ্ডৰ অধ্যক্ষ ধনদেৱ মহন্ত, জনসংযোগ বিভাগৰ বিষয়া মামুন বৰকটকীকে ধৰি বহু কেইজন প্ৰশাসনিক বিষয়া উপস্থিত থাকে ।
বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে আৰম্ভ হোৱা শিক্ষক দিৱসৰ উক্ত অনুষ্ঠানত নিজৰ বিদ্যালয়খনলৈ লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক-মানসিক-বৌদ্ধিক উত্তৰণ, সমগ্ৰ জিলাখনৰ শিক্ষাক্ষেত্ৰখনলৈ দীৰ্ঘদিনৰ পৰা নীৰৱে লোকচক্ষুৰ আঁৰত থাকি সেৱা আগবঢ়াই অহা তিনিচুকীয়া জিলাৰ চুকে-কোণে সিঁচৰতি হৈ থকা বিভিন্ন পৰ্যায়ৰ বিদ্যালয়ত কৰ্মৰত শিক্ষক-শিক্ষয়িত্ৰীসকলৰ মাজৰ পৰা ১০ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক তেওঁলোকৰ অক্লান্ত সেৱাৰ মান্যতা প্ৰদান কৰা হয় ৷ অৰ্থাৎ বিগত বৰ্ষবোৰৰ দৰে চলিত বৰ্ষতো “কৃতী শিক্ষক”ৰ সন্মান প্ৰদান কৰা হয় জিলা শিক্ষা বিভাগৰ পৰা তৰফৰ পৰা ৷
কৃতী শিক্ষকসকল ক্ৰমে তলত উল্লেখ কৰা হ’ল -
ইন্দ্ৰ বাহাদুৰ লিম্বু; প্ৰধান শিক্ষক, কাকজান উচ্চ মাধ্যমিক বিদ্যালয়,
অমৃত ৰাজখোৱা; সহ-শিক্ষক, বৰগুৰি উচ্চ মাধ্যমিক বিদ্যালয়,
চক্ৰ বাহাদুৰ থাপা; প্ৰধান শিক্ষক, পূব শদিয়া মধ্য ইংৰাজী বিদ্যালয়,
হিমাকৰ উপাধ্যায়; প্ৰধান শিক্ষক, বাপুটি গগৈ মধ্য ইংৰাজী বিদ্যালয়,
সুশীল বৰুৱা; সহ-শিক্ষক, গুইজান হিন্দী মধ্য ইংৰাজী বিদ্যালয়,
হোমেন বৰুৱা; প্ৰধান শিক্ষক, আদৰ্শ প্ৰাথমিক বিদ্যালয় তিনিচুকীয়া,
গিৰীণ চেতিয়া; প্ৰধান শিক্ষক, বৰগাঁও প্ৰাথমিক বিদ্যালয়,
ফুলেন মৰাণ; প্ৰধান শিক্ষক, নতুন আমগুৰি প্ৰাথমিক বিদ্যালয়,
ৰেণু বৰুৱা; সহ-শিক্ষয়িত্ৰী, ২ নং চপাখোৱা টাউন প্ৰাথমিক বিদ্যালয় আৰু
পঞ্চধৰ মৰাণ, প্ৰধান শিক্ষক, পুৰণি পুখুৰী মজলীয়া বিদ্যালয় ।