ETV Bharat / state

কাকপথাৰত ব্ৰাউন চুগাৰসহ দুই দম্পতী গ্ৰেপ্তাৰ - 4-drugs-peddler-arrested

ধৃত দুই দম্পতীৰ পৰা 32 গ্ৰাম ব্ৰাউন চুগাৰ, দুখন মটৰ চাইকেল, দুটা ম'বাইল আৰু 46 হাজাৰ 50 টকা নগদ ধন জব্দ কৰিছে আৰক্ষীয়ে ৷ শেহতীয়াকৈ অসম আৰক্ষী ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে যুদ্ধংদেহী তৎপৰতাৰে নামি পৰাৰ পাছতে ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাতে উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী ৷

4-drugs-peddler-arrested-by-kakopather-police
কাকপথাৰত ব্ৰাউন চুগাৰসহ দুই দম্পতী গ্ৰেপ্তাৰ
author img

By

Published : Jun 20, 2021, 10:05 PM IST

শদিয়া, 20 জুন : ৰাজ্যজুৰি অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ শেহতীয়াকৈ ৰাজ্যৰ প্ৰায় প্ৰতিখনে জিলাতে আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰী জব্দ হোৱা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই দেওবাৰে কাকপথাৰ আৰক্ষীৰ অভিযানত ব্ৰাউন চুগাৰসহ আটক দুই দম্পতী ৷ কাকপথাৰ আৰক্ষী থানাৰ অন্তগত ডিৰাক খাটুৱা পথাৰৰ পৰা ব্ৰাউন চুগাৰসহ এই দুই দম্পতীক গ্ৰেপ্তাৰ কৰিছে কাকপথাৰ আৰক্ষীয়ে ৷ কাকপথাৰ আৰক্ষী থানাৰ উপ পৰিদৰ্শক মিণ্টু বৈশ্যৰ নেতৃত্বত চলা অভিযানত গ্ৰেপ্তাৰ হয় এই দম্পতী দুটা ৷

কাকপথাৰত ব্ৰাউন চুগাৰসহ দুই দম্পত্তি গ্ৰেপ্তাৰ

বিশেষ সূত্ৰৰ পম খেদি আৰক্ষীয়ে উক্ত দুই দম্পতীৰ পৰা 32 গ্ৰাম ব্ৰাউন চুগাৰ, দুখন মটৰ চাইকেল, দুটা ম'বাইল আৰু 46 হাজাৰ 50 টকা নগদ ধন জব্দ কৰিবলৈ সক্ষম হয় ৷ গ্ৰেপ্তাৰ হোৱা ধৃত দম্পতীদ্বয় ক্ৰমে 1 নং সৰু ডিৰাকৰ মণ্টু দহোটীয়া(46) আৰু পত্নী অনিতা দহোটীয়া(45), নামচাইৰ কুমাৰী কছাৰীৰ মন্টু সোণোৱাল(29) আৰু পত্নী প্ৰমিলা সোণোৱাল(30) ৷ কাকপথাৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ এই সফলতাক শলাগিছে কাকপথাৰবাসীয়ে ৷

অতি ৰহস্যজনকভাৱে গুৱাহাটী আৰক্ষীয়ে মেঘালয়ৰ দুগৰাকী মহিলাৰ পৰা জব্দ কৰিছিল প্ৰায় 2 কোটি টকা মূল্যৰ নিষিদ্ধ হেৰ'ইন ৷ ইয়াৰ পাছতে অধিক সষ্টম হৈ পৰে আৰক্ষী ৷ আৰক্ষীয়ে অভিযান চলাই মহানগৰীৰ বিভিন্ন স্থানৰ পৰা ড্ৰাগছ জব্দ কৰাৰ লগতে বহুকেইজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰে মহানগৰ আৰক্ষীয়ে ৷

লগতে পঢ়কঃ কলমনিত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.