ETV Bharat / state

হাতত ঝাডু লৈ অসম আৰক্ষী!

দেওবাৰে পুৱা পৰা গহপুৰ মহকুমাৰ হাৱাজানৰ আৰক্ষী চকী আৰু ব্যৱসায় সন্থা লগতে হাৱাজানৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় ছাত্ৰ-ছাত্ৰীয়ে একগোট হৈ থানাৰ লগতে হাৱাজান চেন্টাৰৰ বিভিন্ন ঠাই পৰিস্কাৰ-পৰিচ্ছন্নতাৰ বাবে হাতত তুলি লয় ঝাড়ু

হাতত ঝাড়ু লৈ অসম আৰক্ষী!
author img

By

Published : Sep 29, 2019, 10:32 PM IST

বিশ্বনাথ, 28 ছেপ্তেম্বৰঃ গান্ধী জয়ন্তী অৰ্থাৎ মহাত্মা গান্ধীৰ জন্মদিৱস উপলক্ষ্যে সমগ্ৰ দেশৰ লগতে অসম আৰক্ষীয়েও হাতত লৈছে স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচী ৷ প্ৰতিটো সময়তে হাতত লাঠি-বন্দুক লৈ ফুৰা আৰক্ষী বিভাগৰ হাতত দেখা গ'ল ঝাড়ু । দেওবাৰে পুৱা পৰা গহপুৰ মহকুমাৰ হাৱাজানৰ আৰক্ষী চকী আৰু ব্যৱসায় সন্থা লগতে হাৱাজানৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় ছাত্ৰ-ছাত্ৰীয়ে একগোট হৈ থানাৰ লগতে হাৱাজান চেন্টাৰৰ বিভিন্ন ঠাই পৰিস্কাৰ-পৰিচ্ছন্নতাৰ বাবে হাতত তুলি লয় ঝাড়ু । আনহাতে, আগন্তুক 2 অক্টোবৰ লৈ এই কাৰ্যসূচী অব্যাহত থাকিব বুলি প্ৰকাশ কৰে হাৱাজান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপেন শইকীয়াই ৷ ইফালে দেওবাৰে জিনজিয়াতো দেখা গ'ল স্বচ্ছ অভিযান । বিশ্বনাথৰ জিনজিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশ্বজিৎ মেধি আৰু থানা খনৰ কৰ্মচাৰী লগতে স্থানীয় ৰাইজ তথা ব্যৱসায় সকল এক গোট হৈ স্বচ্ছ ভাৰত অভিযান চলায় ।

হাতত ঝাড়ু লৈ অসম আৰক্ষী!

তাৰোপৰি দক্ষিণ শালমাৰা মানকাচৰত জিলা আৰক্ষী প্ৰশাসনৰ সহযোগত জিলা প্ৰশাসনৰ উদ্যোগত প্লাষ্টিক বৰ্জন আৰু ছাফাই অভিযান । দোকানীক প্লাষ্টিক বৰ্জনৰ আহ্বান আৰক্ষীৰ । দোকানৰ সন্মুখভাগ ছাফা কৰি ৰাখিবলৈ সকিয়নি দিয়ে আৰক্ষীয়ে । দেওবাৰে পুৱাৰ পৰা মানকাচৰ কলেজৰ ছাত্ৰ-ছাত্ৰী, সমাজ সচেতন ব্যক্তি, মানকাচৰ মহাবিদ্যালয় অধ্যক্ষ ড0 আবেদ আলী, মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনোদ দাস, মানকাচৰৰ প্ৰাক্তন বিধায়ক জাভেদ ইছলামৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলা জনস্বাস্থ্য কাৰিকৰী বিষয়া ছফিউৰ ৰহমান মোগলকে ধৰি বিভিন্ন বিভাগীয় উচ্চপদস্থ বিষয়াই অংশ গ্ৰহণ কৰে ৷ মানকাচৰৰ থানাৰ পৰা আৰম্ভ হোৱা মানকাচৰৰ মাৰ্কেট পথত চলোৱা ছাফাই অভিযানত আৰক্ষীয়ে দোকানৰ সন্মুখত ছাফা কৰি ৰখাৰ উপৰিও ডাষ্টবিন ৰখাৰ পৰামৰ্শ দিয়ে । আনকি দোকানত প্লাষ্টিকৰ সামগ্ৰী বৰ্জনৰও নিৰ্দেশ দিয়ে আৰক্ষীয়ে ।

Intro:as_biswanath_802_29_gingia_ police_ Hawajan_ police_photo_vis_byte_scrpt_as10018Body:as_biswanath_802_29_gingia_ police_ Hawajan_ police_photo_vis_byte_scrpt_as10018Conclusion:বিশ্বনাথৰ জিনজিয়া আৰক্ষী থানা আৰু হাৱাজান আৰক্ষী চকী ব্যৱসায় সন্থা উদ্যোগত স্বচ্ছ ভাৰত অভিযান

মহাত্মা গান্ধীৰ জন্মদিন উপলক্ষ্যে সমগ্ৰ দেশৰ লগতে অসম আৰক্ষীয়েও হাতত লৈছে স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচী ৷ প্ৰতিটো সময়তে হাতত লাঠি - বন্ধুক লৈ ফুৰা আৰক্ষী বিভাগৰ হাতত দেখা গল ঝাডু ।
আজি পুৱা পৰা গহপুৰ মহকুমাৰ হাৱাজানৰ আৰক্ষী চকী আৰু ব্যৱসায় সন্থা লগতে হাৱাজানৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় ছাত্ৰ- ছাত্রী সকলে এক গোট হৈ থানা খনৰ লগতে হাৱাজান চেন্টাৰ বিভিন্ন ঠাইত পৰিস্কাৰ-পৰিচ্ছন্নতাৰ বাবে হাতে হাতে তুলি ল'লে ঝাড়ু, ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আৰম্ভ কৰা স্বচ্ছ ভাৰত অভিযানৰ অংশ হিচাপে অসম আৰক্ষীয়ে এই কাৰ্যসূচী ৰূপায়ণ কৰে ৷
অহা ২ অক্টোবৰ লৈ এই কাৰ্যসূচী অব্যাহত থাকিব বুলি প্ৰকাশ কৰে হাৱাজান আৰক্ষী থানা ভা: প্ৰাপ্ত আৰক্ষী বিষয়া নিপেন শইকীয়াই ।
ইফালে আজি জিনজিয়াতো দেখা গ'ল স্বচ্ছ অভিযান ।
বিশ্বনাথৰ জিনজিয়া আৰক্ষী থানাৰ ভা: প্ৰাপ্ত আৰক্ষী বিষয়া বিশ্বজিৎ মেধী আৰু থানা খনৰ কৰ্মচাৰী লগতে স্থানীয় ৰাইজৰ ব্যৱসায় সকল এক গোট হৈ স্বচ্ছ ভাৰত অভিযান চলাই । জিনজিয়া চেন্টা লগতে থানা খনৰ প্ৰাংগণত ।

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.