দক্ষিণ শালমাৰা,21 জুন: সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত,হাইমাদ্ৰাছা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ডিষ্টিংচন লাভ কৰা পাঁচ গৰাকী মেধাবী তথা কৃতি ছাত্ৰ-ছাত্ৰীৰ লগতে সৰ্বভাৰতীয় মেডিকেল বাচনি পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা চাৰি গৰাকী মেধাবী ছাত্ৰক বৃহস্পতিবাৰে বিশেষভাৱে সম্বৰ্ধনা জনায় সদৌ দক্ষিণ শালমাৰা মানকাচাৰ মহকুমা ছাত্ৰ সন্থাই ৷ এই উপলক্ষে মহকুমা ছাত্ৰ সন্থাই হামিদাবাদ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখন বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰি কৃতি ছাত্ৰ ছাত্ৰী সকলক সম্বৰ্ধনা জনায়৷ মহাবিদ্যালয় খনৰ প্ৰাক্তন অধ্যক্ষ হাজি ইছাহক আলী চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানত সম্বৰ্ধনা পৰ্ব পৰিচালনা কৰে সদৌ দক্ষিণ শালমাৰা মানকাচাৰ মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শৰিফুল ইছলাম প্ৰধানীয়ে৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে দক্ষিণ শালমাৰা আৰক্ষী পৰিদৰ্শক আবুল কালাম আজাদৰ লগতে কেইবাগৰাকীও আমন্ত্ৰিত অতিথি৷ সভাত বিভিন্ন বক্তা সকলে মেধাবী ছাত্ৰ ছাত্ৰী সকলক বিভিন্ন দিশ উন্মোচন কৰি বহু গুৰুত্বপূৰ্ণ পৰামৰ্শ প্ৰদান কৰে নিজৰ নিজৰ ভাষণত৷ উক্ত অনুষ্ঠানত কৃতি ছাত্ৰ ছাত্ৰী সকলক এখনকৈ ফুলাম গামোচা এটা কলম এখন কিতাপ আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়৷ উল্লেখযোগ্য যে, সৰ্ব ভাৰতীয় মেডিকেল বাচনি পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা চাৰি গৰাকী মেধাবী ছাত্ৰৰ ভিতৰত আছিল আনোৱাৰ হোছেন, আব্দুল আৱাল, ফাহিম মাহি উদ্দিন আৰু ইনামূল হক৷ দক্ষিণ শালমাৰা মানকাচাৰ মহকুমা ছাত্ৰ সন্থাই অঞ্চলটোৰ মেধাবী ছাত্ৰ ছাত্ৰীৰ বাবে এই সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰাত বাৰুকৈয়ে উৎসাহী হয় সম্বৰ্ধিত ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক সকল৷
দক্ষিণ শালমাৰাত মেধাবী শিক্ষাৰ্থীক ছাত্ৰ সন্থাৰ সম্বৰ্ধনা - ETV BHARAT
দক্ষিণ শালমাৰাৰ ন গৰাকী মেধাবী শিক্ষাৰ্থীক সম্বৰ্ধনা ছাত্ৰ সন্থাৰ ৷

ইনামূল হক।Conclusion:ইপিনে দক্ষিণ শালমাৰা মানকাচৰ মহকুমা ছাত্ৰ সন্থাই অঞ্চলটোৰ মেধাবী ছাত্ৰ ছাত্ৰীৰ বাবে এই সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰাত বাৰুকৈয়ে উৎসাহী সম্বৰ্ধিত ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক সকল।
ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।