ETV Bharat / state

মানকাচৰত ধন বিতৰণত দুৰ্নীতিৰ অভিযোগ

মানকাচৰত হিতাধিকাৰীৰ মাজত ধন বিতৰণত দুৰ্নীতিৰ অভিযোগ । পানকাটা গাঁও পঞ্চায়তৰ সভাপতি,সদস্য আৰু সচিবৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ। জিলা উপায়ুক্তক তদন্তৰ দাবী জনায় স্থানীয় ৰাইজে ।

মানকাচৰত ধন বিতৰণত দুৰ্নীতিৰ অভিযোগ
মানকাচৰত ধন বিতৰণত দুৰ্নীতিৰ অভিযোগ
author img

By

Published : Apr 15, 2020, 11:53 AM IST

মানকাচৰ, 15 এপ্ৰিলঃ সমগ্ৰ বিশ্বতে চলি থকা ল’ক ডাউনৰ সময়ছোৱাত অসম চৰকাৰে ৰেচন কাৰ্ড নথকা হিতাধিকাৰীক 1000 টকাকৈ দিবলৈ নিৰ্দেশ প্ৰদান কৰে । ইয়াৰ মাজতেই দক্ষিণ শালমাৰাৰ মানকাচাৰ জিলাৰ পানকাটা গাঁও পঞ্চায়তৰ সভাপতি আৰু সচিবৰ কেলেংকাৰীৰ ঘটনা পোহৰলৈ আহিছে ।
পানকাটা গাঁও পঞ্চায়তৰ অন্তৰ্গত কালাপাৰা গাঁৱৰ ৰেচন কাৰ্ড নথকা হিতাধিকাৰীক কোনো ধৰণৰ চৰকাৰী সাহাৰ্য দিয়া নিদিয়াৰ অভিযোগ উত্থাপন হৈছে ৷ ৰাইজৰ অভিযোগ অনুসৰি,ৰেচন কাৰ্ড থকা লোকসকলক 1000 টকাৰ সুবিধা পাইছে, অথচ ৰেচন কাৰ্ড নথকা বহু লোকে এই সুবিধাৰ পৰা বঞ্চিত হৈ আছে । এই সন্দৰ্ভত স্থানীয় ৰাইজে চৰকাৰ তথা জিলা প্ৰশাসনক সঠিক তদন্ত কৰিবলৈ আহ্বান জনোৱাৰ লগতে দোষীক কঠোৰভাৱে শাস্তিৰ দাবী জনায়।

মানকাচৰত ধন বিতৰণত দুৰ্নীতিৰ অভিযোগ
লগতে পঢ়কঃ চিৰাঙত ৰাজস্থানী অঘৰীৰ দলঃ কৰ'ণা আতংক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.