ETV Bharat / state

মানকাচৰত সংহাৰী ৰূপ লৈছে বানে - মেঘালয়

মানকাচৰত বানৰ সন্ত্ৰাস । বানৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে অঞ্চলবাসী । অঞ্চলবাসীৰ মাজত বৰ্তমানেও উপস্থিত হোৱা নাই জনপ্ৰতিনিধি ।

মানকাচৰত সংহাৰী ৰূপ লৈছে বানে
author img

By

Published : Jul 11, 2019, 3:33 PM IST

ধুবুৰী,১১জুলাই : বানৰ কৱলত ৰাজ্যৰ বহু অঞ্চল । দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ কালাপানীৰ বৃহত্তৰ অঞ্চল‌ এতিয়া জলমগ্ন হৈ পৰিছে । এই বানৰ ফলত অঞ্চলবাসীৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ।

মানকাচৰত সংহাৰী ৰূপ লৈছে বানে

উল্লেখ্য যে, নেৰা-নেপেৰা বৰষুণৰ ফলত মেঘালয়ৰ পৰা নামি আহিছে পানী । ইয়াৰ ফলত পানীত বুৰ গৈছে মানকাচৰৰ বিভিন্ন অঞ্চলৰ লগতে কালাপানী আৰক্ষী চকী । ইফালে, এই বাঢ়নী পানীয়ে কালাপানী-বয়শাবাড়ী সংযোগী কাঠৰ দলং আৰু লক্ষ্মীশ্বৰীফ কাঠৰ দলংখনলৈও আনিছে ভাবুকি । যিকোনো মুহূৰ্তত প্ৰলয়ংকাৰী সোঁতে উটুৱাই নিব পাৰে এই দুয়োখন কাঠৰ দলং । কিন্তু বানত ডুব গৈ থকা অঞ্চলবাসীৰ খবৰ ল'বলৈ বৰ্তমানেও আহৰি পোৱা নাই কোনো জনপ্ৰতিনিধি তথা জিলা প্ৰশাসন । যাৰ বাবে ক্ষোভিত হৈ পৰে বানাক্ৰান্ত ৰাইজ ।

Intro:মানকাচৰত‌ বানপানীয়ে লৈছে ভয়াৱহ ৰূপ। বানে বুৰাই পেলাইছে মানকাচৰ। পানীৰ তলত মানকাচৰৰ কালাপানী আৰক্ষী চকী। যিকোনো মুহূৰ্ত প্ৰলয়ংকাৰী বানে উটুৱাই নিব পাৰে কালাপানী আৰক্ষী চকীৰ লগতে দুখনকৈ কাঠৰ দলং।Body:হয়, ৰাজ্যত এতিয়া বানে লৈছে ভয়াৱহ ৰূপ। নামনিৰ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ সমষ্টিৰ কালাপানীৰ বৃহত্তৰ অঞ্চল‌ জলমগ্ন হৈ পৰিছে। ফলত হাহাকাৰ লাগিছে ৰাইজৰ মাজত। দৰাচলতে, নেৰা-নেপেৰা বৰষুনৰ ফলত মেঘালয়ৰ পৰা নামি অহা বৰষুণৰ পানীৰ লগতে বানৰ পানীয়ে মানকাচৰৰ কালাপানী বৃহত্তৰ অঞ্চলৰ কেইবাখনো গাওঁ পানীৰ তলত বুৰ গৈছে। বাঢ়নী পানীৰ ফলত কালাপানীৰ আৰক্ষী চকীৰ লগতে কালাপানী-বয়শাবাড়ী সংযোগী কাঠৰ দলং আৰু লক্ষ্মীশ্বৰীফ কাঠৰ দলংখন লৈ আহিছে ভাবুকি। যিকোনো মুহূৰ্তত ভয়াৱহ প্ৰলয়ংকাৰী বাবে উটুৱাই নিব পাৰে এই দুখন গুৰুত্বপূৰ্ণ কাঠৰ দলং। কোনো এজন জনপ্ৰতিনিধি, জিলা প্ৰশাসন আৰু চৰকাৰে লোৱা নাই কোনো খবৰ। যোৱা কেইটা দিনৰ পৰা ইয়াৰ বানাক্ৰান্ত ৰাইজে হাহাকাৰ কৰি থকাৰ সময়তো খবৰ নিবলৈ আহৰি নাই জিলা প্ৰশাসন তথা স্থানীয় জন প্ৰতিনিধিৰ। কালাপানী, বয়শাবাড়ী আৰু লক্ষ্মীশ্বৰীফ অঞ্চলৰ কণ কণ শিশু সকলৰ লগতে হাজাৰ হাজাৰ লোকৰ বহিঃবিশ্বৰ সৈতে যোগাযোগৰ বাবে একমাত্ৰ মাধ্যম হৈছে এই দুখন দলং। যদিওঁ সম্প্ৰতি সংকটৰ গৰাহত দলং দুখন। দলং দুখন উটি গলে এই অঞ্চলৰ ৰাইজৰ বহিঃবিশ্বৰ সৈতে বিচ্ছিন্ন হব যোগাযোগ ব্যৱস্থা।

Conclusion:ইপিনে পানীৰ তলত পৰা কালাপানী আৰক্ষী চকীৰ প্ৰতিও আহিছে ভাবুকি। আৰক্ষী চকীত থকা আৰক্ষীৰ লগতে জোৱান সকলৰ থকা খোৱাৰ ক্ষেত্ৰত চৰম অসুবিধা হৈছে বুলি অৱগত কৰে আৰক্ষীয়ে।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.