ETV Bharat / state

Zubin Garg in Tezpur: শিল্পী, সাহিত্যিক, সাংবাদিকৰ বাবে মুকলি কৰিলে হেল্থ কাৰ্ড

author img

By

Published : Jan 7, 2022, 9:09 AM IST

তেজপুৰস্থিত নেমকেয়াৰ হাস্পতালত শিল্পী, সাহিত্যিক আৰু সাংবাদিকৰ বাবে জুবিন গাৰ্গে মুকলি কৰিলে হেল্থ কাৰ্ড (Zubeen Garg launches health card) ৷ এই কাৰ্ডৰ জড়িয়তে যি কোনো ৰোগৰ চিকিৎসাৰ বাবে নেম কেয়াৰ হাস্পতালত চিকিৎসা ব্যয়ৰ 10 শতাংশ ৰেহাই লাভ কৰিব শিল্পী, সাহিত্যিক তথা সাংবাদিকসকলে ৷

health card
জুবিন গাৰ্গে মুকলি কৰিলে হেল্থ কাৰ্ড

তেজপুৰ, 7 জানুৱাৰী : ইংৰাজী নৱ বৰ্ষৰ আৰম্ভণিতে ব্যক্তিগত খণ্ডৰ চিকিৎসালয় নেমকেয়াৰৰ এক প্ৰশংসনীয় পদক্ষেপ ৷ চিকিৎসালয়খনে ৰাজ্যৰ শিল্পী, সাহিত্যিক আৰু সাংবাদিক সকলৰ বাবে মুকলি কৰিলে এখন হেল্থ কাৰ্ড ৷ বৃহস্পতিবাৰে তেজপুৰস্থিত নেম কেয়াৰ হাস্পতালত অনুষ্ঠিত হৈ যায় এই হেল্থ কাৰ্ডৰ মুকলি কাৰ্যসূচী (Zubeen Garg launches health card at Nemcare hospital) ৷

শিল্পী, সাহিত্যক আৰু সাংবাদিক সকলৰ চিকিৎসাৰ ক্ষেত্ৰত সকাহ হোৱাকৈ নেমকেয়াৰে উলিওৱা এই হেল্থ কাৰ্ডখনি মুকলি কৰে শিল্পী জুবিন গাৰ্গে ৷ কাৰ্ডখনৰ জড়িয়তে ৰাজ্যৰ শিল্পী, সাহিত্যক আৰু সাংবাদিক সকলে তেওলোকৰ যিকোনো ৰোগৰ চিকিৎসাৰ বাবে 10 শতাংশ ৰেহাইৰ কথা উল্লেখ কৰিলে নেমকেয়াৰ হাস্পতালৰ স্বত্বাধিকাৰী তথা পৰিচালন সঞ্চালক হিতেশ বৰুৱাই ৷ ইয়াৰ লগতে চিকিৎসাৰ 10 শতাংশ ব্যয় বহন কৰাৰ কথা উল্লেখ কৰিলে শিল্পী জুবিন গাৰ্গে ৷

health card
জুবিন গাৰ্গে মুকলি কৰিলে হেল্থ কাৰ্ড

হেল্থ কাৰ্ডৰ মুকলি অনুষ্ঠানতে হাস্পতালখনৰ স্বত্বাধিকাৰী তথা পৰিচালন সঞ্চালক হিতেশ বৰুৱাই জুবিনৰ গাৰ্গৰ মহানুভৱতাক সন্মান জনাই যিকোনো মূহুৰ্তত জুবিনৰ সহায়ৰ বাবে সাজু থাকিব বুলি কৰিলে ঘোষণা ৷ হেল্থ কাৰ্ডৰ এই মুকলি অনুষ্ঠানতে তেজপুৰৰ স্থানীয় সাংবাদিক সকলক এই কাৰ্ড প্ৰদান কৰি ডাঃ হিতেশ বৰুৱাই জনালে, শিল্পী দিৱসৰ লগত সংগতি ৰাখি সেই দিনটোতে তেজপুৰৰ জ্যোতি ভাৰতী-পকী হলত শিল্পী সকলকো এই কাৰ্ড প্ৰদান কৰা হ’ব ৷

অনুষ্ঠানটিৰ অন্তত শিল্পী জুবিন গাৰ্গে নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ থকা ৰোগী সকলক একোটাকৈ ফলৰ টোপোলা আগবঢ়ায় ৷

লগতে পঢ়ক: অসম এৰি একেবাৰে গুচি যাবগৈ পদ্মশ্রী উদ্ধব ভৰালী

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.