ETV Bharat / state

আকৌ পাকিস্তানৰ বিৰুদ্ধে যুঁজিবলৈ সাজু কাৰ্গিল যুদ্ধৰ অন্যতম নায়ক ঘনকান্ত কেওট

author img

By

Published : Jul 26, 2019, 4:18 PM IST

প্ৰাক্তন ভাৰতীয় সেনা জোৱান তথা কাৰ্গিল যুদ্ধৰ অন্যতম নায়ক ঘনকান্ত কেওট এতিয়াও সাজু পাকিস্তানৰ বিৰুদ্ধে যুদ্ধত নামিবলৈ ৷ পাকিস্তানক এশিকনি দিবলৈ এতিয়াও ক্ষমতা আৰু সাহস আছে বুলি দাবী কৰে তেওঁ ৷

ঘনাকান্ত কেওট

তেজপুৰ, 26 জুলাই : ১৯৯৯ চনৰ ২২ মে'ৰ নিশা কাৰ্গিলত পাকিস্তানী সেনাৰ আক্ৰমণত আন সতীর্থৰ সৈতে আঘাতপ্ৰাপ্ত হৈছিল ভাৰতীয় সেনা জোৱান ঘনকান্ত কেওট । সেইদিনা ভাৰতীয় সেনাই বন্দুকেৰে প্ৰত্যুত্তৰ দি পাকিস্তানী সেনাক খেদি পঠিয়াইছিল যদিও আঘাতপ্ৰাপ্ত হৈছিল তেজপুৰ ডেকাৰ গাঁৱৰ সেনা জোৱান ঘনকান্ত কেওট ৷ আহত হৈ প্ৰায় তিনিমাহ কাল চিকিৎসাধীন হৈ আছিল কেওট ৷ তেওঁক দেখা কৰিবলৈ অহা সেই সময়ৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী আৰু প্ৰতিৰক্ষা মন্ত্ৰী জৰ্জ ফাৰ্ণাণ্ডেজৰ প্ৰশ্নৰ উত্তৰত কেওটে কৈছিল যে, তেওঁক সুস্থ হ'বলৈ দুমাহ সময় লাগিব আৰু সুস্থ হৈ উঠাৰ লগে লগে তেওঁ পুনৰ যুদ্ধলৈ সাজু হ'ব ৷

"মই এতিয়াও যুঁজিবলৈ সাজু" - সেনা জোৱান কেওট

এতিয়াও মনত ক্ষোভ সাঁচি ৰখা প্ৰাক্তন জোৱান গৰাকীয়ে নিৰ্দেশ পালেই পাকিস্তানৰ ওপৰত জঁপিয়াই পৰিব বুলি মন্তব্য প্ৰকাশ কৰে ৷ পাকিস্তানক এশিকনি দিবলৈ এতিয়াও ক্ষমতা আৰু সাহস আছে বুলি দাবী কৰে কাৰ্গিল যুদ্ধৰ অন্যতম নায়কজনে ৷ উল্লেখ্য যে, শুকুৰবাৰে কাৰ্গিল যুদ্ধৰ বিজয় দিৱসত নিহত জোৱান সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ঘনকান্ত কেওটে ।

Intro:PKG STORY :

তেজপুৰ,২৬জুলাই: ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা কাৰ্গিল যুদ্ধৰ আজি ২০ বছৰ সম্পূৰ্ণ ।১৯৯৯ চনৰ ২২ মে'ৰ নিশা কাৰ্গিল ডিচিপি ত ভাৰতীয় সেনা জোৱানৰ এটা দলৰ ওপৰত পাকিস্তানৰ সেনাই চলাইছিল আক্ৰমণ।
পাকিস্তানী সেনাৰ আক্ৰমণ ত কাৰ্গিল ডিচিপি আন ৫ জন সতীর্থৰ লগত আহত হৈছিল অসমৰ জোৱান ঘনাকান্ত কেউত্ত । তেজপুৰ ডেকাৰ গাঁও ৰ এইজন ঘনাকান্ত কেউত্তৰ শৰীৰত এতিয়াও পাকিস্তানী সেনাৰ আক্ৰমণৰ চিন । ভাৰতীয় সেনাই বন্দুকৰে প্ৰত্যুত্তৰ দি খেদি পঠিয়াই ছিল পাকিস্তানী সেনাক । সেই আক্ৰমণত আহত হৈ প্ৰায় তিনিমাহ কাল চিকিৎসাধিন হৈ আছিল আন ৫ জন সতীৰ্থৰ লগত অসমৰ এইজন ঘনাকান্ত কেউত্ত ।

Body:এতিয়াও পাকিস্তানী সেনাৰ বিৰুদ্ধে আছে ক্ষোভ ।পাকিস্তানী আক্ৰমণত শৰীৰৰ পৰা ওলোৱা তেজৰ উত্তৰ আজিও পোৱা নাই । যি তেজ কাৰ্গিল যুদ্ধত তেওঁ দিলে তাৰ প্ৰত্যুত্তৰ আজিও দিব পৰা নাই পাকিস্থানক । সেই বাবেই দুৰ্ঘটনাৰ সময়ত চিকিৎসালয়ত সেই সময়ৰ প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপায়ী, প্ৰতিৰক্ষা মন্ত্ৰী জৰ্জ ফাৰ্ণাণ্ডজড় প্ৰশ্ন ৰ উত্তৰত এইজন অসমৰ জোৱানে কৈছিল মোক সুস্থ হবলৈ দুমাহ কাল লাগিব - তাৰ পিছত মই আকৌ যুদ্ধলৈ যাবলৈ সাজু ।

BITE: ঘনাকান্ত কেউত্ত ।

এতিয়াও মনত সাঁচি ৰাখিছে সেই ক্ষোভ। নিৰ্দেশ পালেই এতিয়াও তেওঁ জপিয়াই পৰিব পাৰিব পাকিস্তানী বিৰোধী যুদ্ধত । পাকিস্থানক এশিকনি দিবলৈ এতিয়া ও সক্ষম তেওঁ ।

Conclusion:সাহস আছে আৰু ক্ষমতা আছে ।আজি কাৰ্গিল যুদ্ধৰ বিজয় দিৱসত নিহত জোৱান সকলক শস্বৰ্দ্ধাঞ্জলি জনাই এই মন্তব্য কৰে কাৰ্গিল যুদ্ধৰ আহত অসমৰ জোৱান ঘনাকান্ত কেউত্ত য়ে ।

প্ৰণৱ কুমাৰ দাস
তেজপুৰ।
২৬/৭/১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.