ETV Bharat / state

Assam Flood 2023: শোণিতপুৰত বানৰ প্ৰলয়, ৩৮ খন গাঁও জলমগ্ন

বৰ্তমানেও অপৰিৱৰ্তিত অৱস্থাত আছে বালিপৰাৰ বান পৰিস্থিতি। জৰাসৰ নৈৰ বাঢ়নি পানীৰ কৱলত আছে অঞ্চলটোৰ উদমাৰী গাঁও, ঢেকেৰী গাঁও, দিঘলী বালিজানকে ধৰি কেইবাখনো গাঁও।

author img

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 10:40 PM IST

worst flood situation in Tezpur
শোণিতপুৰত বানৰ প্ৰলয়

তেজপুৰ, ২৮ আগষ্ট : পুনৰ বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ । তেজপুৰৰ বাঁহবাৰী, ডিপোতা, ছাগলী আঁহতৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে । শোণিতপুৰৰ বিভিন্ন অঞ্চলত ভদীয়া বানে বিপজ্জনক পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে একোটা অঞ্চল নিচিহ্ন কৰাৰ উপক্ৰম কৰিছে ৷

শোণিতপুৰত বানৰ প্ৰলয়, ৩৮ খন গাঁও জলমগ্ন

বৰ্তমানেও অপৰিৱৰ্তিত অৱস্থাত আছে বালিপৰাৰ বান পৰিস্থিতি। জৰাসৰ নৈৰ বাঢ়নি পানীৰ কৱলত আছে অঞ্চলটোৰ উদমাৰী গাঁও, ঢেকেৰী গাঁও, দিঘলী বালিজানকে ধৰি কেইবাখনো গাঁও। বৰ্তমানেও এই অঞ্চলসমূহৰ ঘৰৰ ভিতৰে বাহিৰে পানীত আৱদ্ধ হৈ আছে সহস্ৰাধিক লোক । তেনে সময়তে ভূতৰ ওপৰত দানহ পৰাদ সোমবাৰে দীঘলিৰ সমীপত জৰাসৰ নৈৰ খহনীয়া ৰোধৰ বাবে নিৰ্মান কৰা কোটি টকীয়া গাৰ্ডৱালখনৰ প্ৰায় দুশ মিটাৰ খহি পৰে ৷

উল্লেখ্য যে, কোটিটকীয়া এইখন গাৰ্ডৱাল নিৰ্মাণ সম্পূৰ্ণ হোৱা এবছৰো হোৱা নাছিল ৷ গাৰ্ডৱালখনৰ নিৰ্মাণত যথেষ্ট আসোঁৱাহ থকা বুলিও অভিযোগ উঠাৰ লগতে ইয়াৰ পূৰ্বৰ বানত গাৰ্ডৱালখনৰ কাষত পানীৰ সোঁতে প্ৰকাণ্ড গাঁত কৰাৰ লগতে প্ৰকাণ্ড ফাঁট মেলিছিল ৷ কিন্তু ইয়াৰ পাচত গাৰ্ডৱালখনৰ মেৰামতি নোহোৱাত জৰাসৰৰ পানীৰ হেঁচাত আজি ৱালখনৰ বৃহৎ অংশ খহি পৰে ফলত ইয়াৰ পৰিণতিত এতিয়া জীয়াতু ভুগিব লগীয়া হৈ পৰিছে ৰাইজে। জৰাসৰৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি হোৱাৰ ফলত এতিয়া বিনিদ্ৰ ৰজনী অতিবাহিত কটাবলগীয়া হৈছে এইসকল নৈ পৰীয়া ৰাইজে।

যদিহে জৰাসৰ নদীৰ জলপৃষ্ঠ বৃদ্ধি পাই থাকে তেনেহলে দীঘলী বালিজানৰ কোনো চিন চাব নোহোৱা হৈ পৰিব বুলিও স্থানীয় লোকে আশংকা প্ৰকাশ কৰিছে ৷ আনহাতে বালিপৰাত বিধ্বংসী বানত আৱদ্ধ হৈ পৰা বহুসংখ্যক লোকক উদ্ধাৰৰ বাবে দেওবাৰে নিশাও এছ ডি আৰ এফ আৰু চাৰিদুৱাৰ প্ৰশাসনে উদ্ধাৰ অভিযান চলাবলগীয়া হয় ৷ নিশা উদ্ধাৰকাৰী দলে মানশিৰি নৈৰ বাঢ়নী পানীৰ মাজত আৱদ্ধ হৈ পৰা ১৫ টাকৈ পৰিয়ালক উদ্ধাৰ কৰে ৷ এই সকলৰ মাজত কেইবাগৰাকী শিশু, গৰ্ভৱতী, বিশেষভাৱে সক্ষম লোকো আছে।

সম্প্ৰতি অস্থায়ী শিবিৰত নিশা কটাইছে বানাক্ৰান্তই ৷ আনকি ইয়াৰে একাংশই পশুধনৰ লগত সহৱস্থান কৰিবলগীয়া হৈছে ৷ নিশা বন্যাক্ৰান্ত সকলক চাৰিদুৱাৰ মণ্ডল যুৱ মৰ্চাৰ উদ্যাগত অস্থায়ী শিবিৰত ৰখাৰ লগতে খাদ্য বিতৰণ কৰা হয় ৷ ইপিনে চাৰিদিন ধৰি অপৰিৱৰ্তিত অৱস্থাত থকা বালিপৰাৰ বানৰ পৰিস্থিতিৰ অধিক অৱনতি ঘটাই বালিপৰাৰ জৰাসৰ নৈৰ বাঢ়নী পানীয়ে প্লাবিত কৰিছে বালিপৰাৰ ন ন অঞ্চল। জৰাসৰ নৈৰ বাঢ়নি পানীয়ে গোবিন্দপুৰ অঞ্চলটো প্লাবিত কৰাত ইয়াৰ আবাসী ৰাইজৰ অৱস্থা শোচনীয় হৈ পৰিছে।

গোবিন্দপুৰ গাঁৱত জৰাসৰৰ পানীয়ে ৰাইজৰ শোচনীয় পৰিস্থিতিৰ উদ্ভৱ কৰিছে ৷ আনহাতে, ডিপোটা আৰু ঘগৰা নৈৰ বাঢ়নি পানীয়ে বৰছলাৰ বাহবাৰী আৰু বিহগুৰি অঞ্চলত কৰা প্ৰলয় এতিয়াও শাম কটা নাই ৷ সোমবাৰে দিনত পানীৰ পৰিমাণ সামান্য হ্ৰাস পাইছিল য’দিও বিয়লি পুনৰ পানী বৃদ্ধি পায় ৷ বৃহত্তৰ অঞ্চলৰ সকলো খেতিপথাৰ বৰ্তমান পানীৰ তলত থকাত সকলো কৃষকৰ অৱস্থা শোচনীয় হৈ পৰিছে ৷

উল্লেখ্য যে, বানৰ কৱলত পৰা ছাগলী আহতৰ তলৰ শংকৰদেৱ বিদ্যা নিকেতন আৰু বাঁহবাৰীৰ সংযোগী পথৰ কাষৰ বিবেকানন্দ বিদ্যালয় বন্ধ ৰখাৰ উপৰি বাহঁবাৰী ডেকাচুৰী প্ৰাথমিক বিদ্যালয় আৰু অংগনাৱাড়ী কেন্দ্ৰ বন্ধ কৰিবলৈ বাধ্য হৈছে ৷
তেজপুৰৰ বিন্দুকুৰিৰো বহু অঞ্চল বৰ্তমানেও বানত ডুব গৈ আছে ৷ এই বানে স্বাভাৱিক জীনযাত্ৰা স্তব্ধ কৰাৰ লগতে বিন্দুকুৰি বজাৰৰ অৱস্থা অৱৰ্ণনীয় হৈ পৰিছে ৷

লগতে পঢ়ক: Theft incident: বৰষুণ দিয়াৰ সুযোগ লৈ জেংৰাইমুখত চুৰিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.