ETV Bharat / state

ৰঙাপৰাৰ যোগীবিলত ক্ষুদ্ৰ চাহ খেতিৰ ওপৰত কৰ্মশালা - Workshop on Small Tea Cultivation at Yugibil

ক'ভিড পৰিস্থিতিৰ গ্ৰাসত পৰি বৃহৎ লোকচানৰ সন্মুখীন হৈছে ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকল ৷ এই ক্ষুদ্ৰ চাহ খেতিয়ক সকলে অনাগত দিনসমূহত কেনেদৰে জীৱন সংগ্ৰাম চলাই যাব পাৰিব সেই সন্দৰ্ভত ৰঙাপৰা অনুষ্ঠিত হয় এখন বিশেষ কৰ্মশালা ৷

workshop-on-small-tea-cultivation-at-yugibil-in-rangapara
ৰঙাপৰাৰ যোগীবিলত ক্ষুদ্ৰ চাহ খেতিৰ ওপৰত কৰ্মশালা
author img

By

Published : Aug 6, 2021, 8:35 PM IST

ৰঙাপৰা,6 আগষ্ট: ক'ভিডসৃষ্ট পৰিস্থিতিৰ সময়ত ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ অৱস্থা নাজল-নাথল হৈ পৰিছে ৷ এইসকল ক্ষুদ্ৰ চাহ খেতিয়কে অনাগত দিনসমূহত কেনেদৰে জীৱন সংগ্ৰাম চলাই যাব তাকে লৈ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ মাজত ৰঙাপৰাত অনুষ্ঠিত হয় এক বিশেষ কৰ্মশালা ৷ ৰঙাপৰাৰ যোগীবিল চেণ্টাৰত অনুষ্ঠিত হোৱা কৰ্মশালাত টোকলাই চাহ গৱেষণা প্ৰতিষ্ঠানৰ মুখ্য উপদেষ্টা তথা উত্তৰ পাৰৰ পৰামৰ্শ কেন্দ্ৰৰ জ্যেষ্ঠ পৰামৰ্শদাতা শান্তনু বৰুৱাই অংশগ্ৰহণ কৰে ৷

কৰ্মশালাত নিজৰ ক্ষুদ্ৰ চাহ বাগিচাত উৎপাদিত সেউজীয়া কেঁচা চাহপাতবোৰৰ পৰা কেনেদৰে অধিক লাভৱান হ'ব পাৰি সেই সন্দৰ্ভত পৰামৰ্শ প্ৰদান কৰা হয় ৷ উল্লেখ্য যে, নিজৰ ক্ষুদ্ৰ চাহ বাগিচাত উৎপাদিত সেউজীয়া কেঁচা চাহপাতবোৰ কিমান শতাংশৰ ওপৰত তুলিলে উচিত মূল্য লাভ কৰিব,কেঁচা চাহপাতবোৰ কেনেদৰে যত্ন কৰিব লাগে, অতি নিখুঁত ভাৱে এটি কলি দুটি পাত কেনেদৰে ছিঙিব লাগে, কেঁচা চাহপাতৰ গুণগত মানদণ্ড কেনেদৰে হ'ব তাৰ ওপৰত পৰামৰ্শদাতা সকলে পৰামৰ্শ আগবঢ়ায় ৷

ৰঙাপৰাৰ যোগীবিলত ক্ষুদ্ৰ চাহ খেতিৰ ওপৰত কৰ্মশালা

লগতে পঢ়কঃ উৎপাদনত বৰ্ধিত ব্যয় : জীয়াই থকাৰ বাবে সংগ্ৰাম ৰাজ্যৰ চাহ উদ্যোগৰ

লগতে নিজৰ ক্ষুদ্ৰ চাহ বাগিচাৰ পৰা কেঁচা চাহপাতখিনি যিকোনো ফেক্টৰীলৈ নিয়ালৈকে কিভাবে যত্ন কৰিব লাগিব তাৰ ওপৰতো পৰামৰ্শদাতাসকলে ক্ষুদ্ৰ চাহ খেতিয়কসকলক পৰামৰ্শ আগবঢ়ায় ৷ আনহাতে কোন সময়ত কোনবোৰ চাহ পাত ছিঙিব লাগে তাৰ ওপৰতো বিশেষ গুৰুত্ব দিবলৈ পৰামৰ্শদাতা সকলে আহ্বান জনায় ৷

ইফালে, 5 আগষ্টৰ পৰা যিকোনো ক্ষুদ্ৰ চাহ খেতিয়কে 40 শতাংশৰ তলৰ কেঁচা চাহপাত ফেক্টৰীত দিব নোৱাৰিব আৰু 40 শতাংশ তলৰ চাহপাত কোনো বাগিচাৰ পৰিচালকে ক্ৰয় কৰিব কৰিব নোৱাৰিব বুলি সদৰী কৰে চাহ বৰ্ডৰ উন্নয়ন বিষয়া ধীৰাজ শইকীয়াই ৷ উক্ত কৰ্মশালাত শান্তনু বৰুৱাৰ লগতে অংশগ্ৰহণ কৰে অৰুণাচল প্ৰদেশৰ চাহ উপদেষ্টা বিশ্বজিৎ বৰদলৈ, তেজপুৰ চাহ বৰ্ডৰ উন্নয়ন বিষয়া ধীৰাজ শইকীয়া, ধেন্দাই চাহ বাগিচাৰ পৰিচালক ইক্ৰামূল আহমেদকে ধৰি কেইবাজনো ব্যক্তিয়ে ৷

আনহাতে ৰঙাপৰা অঞ্চলত থকা ক্ষুদ্ৰ চাহ বাগিচাত উৎপাদিত চাহপাত যথেষ্ট উন্নত মানদণ্ডৰ বুলি জানিবলৈ দিয়ে এজন চাহ খেতিয়কে ৷

লগতে পঢ়কঃ অসম আৰু মেঘালয়ৰ সীমা সমস্যা সন্দৰ্ভত মুখমন্ত্রীৰ গুৰুত্বপূৰ্ণ বৈঠক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.