তেজপুৰ,১১ মাৰ্চ : আন্তৰ্জাতিক নাৰী দিৱসৰ (International Women Day 2022) লগত সংগতি ৰাখি অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ বিশেষ পদক্ষেপ । 'নয়ী ভাৰত কি নয়ী নাৰী' শ্ল'গানেৰে সপ্তাহজোৰা 'আইকনিক সপ্তাহ' শীৰ্ষক কাৰ্যসূচীৰ আয়োজন কৰিছে অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানে । তাৰ অংশস্বৰূপে শোণিতপুৰ জিলাৰ ৭ টা উন্নয়ন খণ্ড সামৰি নিৰ্বাচিত আত্মসহায়ক গোটৰ আঠগৰাকী মহিলাক 'লাখপতি মহিলা'ৰ সন্মান প্ৰদান কৰা হয় (Women from self help groups are felicitated in Sonitpur)। সম্বৰ্ধনা জনোৱা মহিলাসকলে পশুধন, ধূপ কাঠি তৈয়াৰ কৰা, বয়নশিল্প, কেঁচুসাৰ উৎপাদন আদিৰ দৰে বিভিন্ন কামত জড়িত হৈ বাৰ্ষিক ১ লাখ টকাৰ অধিক উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ।
লক্ষণীয়ভাৱে ভাৰত চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ উদ্যোগত এই 'লাখপতি মহিলা' কাৰ্যসূচীৰ অধীনত আত্মসহায়ক গোটৰ প্ৰতিগৰাকী সদস্যাই যাতে বছৰি ১ লাখ টকাতকৈ অধিক উপাৰ্জন কৰিব পাৰে তাৰ বাবে এই বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে । আইকনিক সপ্তাহটোত বিভিন্ন কাৰ্যসূচী যেনে দীন দয়াল উপাধ্যায় গ্ৰামীণ কৌশল্য যোজনাৰ প্ৰসাৰ, স্বাস্থ্য শিবিৰ, স্বচ্ছ অভিযান, লিংগ সমতাৰ সজাগতা আদি সম্পৰ্কীয় সমদল, আত্ম-সহায়ক গোটসমূহৰ মাজত প্ৰতিযোগিতা আদিৰ দৰে কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব ।
সম্বৰ্ধনা গ্ৰহণ কৰা সকলৰ ভিতৰত আছে ঢেকিয়াজুলি ব্লকৰ এছএইচজি সদস্য ৰূপচানা বেগম । তেওঁ অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ পৰা বিত্তীয় সহায় লৈ পশুধন, মীন পালন আৰু অন্যান্য কৃষি কৰ্মত নিয়োজিত হৈ বছৰি ২ লাখ টকাৰ অধিক উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ।
আন এগৰাকী মহিলা হৈছে ৰঙাপাৰা ব্লকৰ এছএইচজি সদস্য দীপামণি বৈশ্য । দীপামণি বৈশ্যই ২০২২ চনৰ জানুৱাৰী মাহৰ পৰা ধূপ কাঠি তৈয়াৰ কৰা কামত নিয়োজিত হৈ আছে । তেজপুৰত অনুষ্ঠিত সৰস মেলাৰ দ্বাৰা অনুপ্ৰাণিত হৈ তেওঁ ধূপ কাঠি নিৰ্মাণৰ কাম হাতত লৈছিল ।
বৰ্তমান, দীপামণি বৈশ্যই প্ৰতি মাহে ১০,০০০ ৰ পৰা ১২,০০০ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু প্ৰতিদিনে ৰঙাপাৰা বজাৰত ৫০ ডজন ধূপকাঠি পেকেট বিক্ৰী কৰিবলৈ সক্ষম হৈছে । এই কামৰ বাবে তেওঁ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ (Assam State Rural Livelihood Mission) পৰা বিত্তীয় সহায় আৰু সমৰ্থন লাভ কৰিছিল ।
ইয়াৰ উপৰিও, বুধবাৰৰ অনুষ্ঠানত নডুৱাৰ ব্লকৰ আত্মসহায়ক গোটৰ সদস্যা জিমলি দেৱীকো সম্বৰ্ধনা জনোৱা হয় । তেওঁ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ পৰা লাভ কৰা আৰ্থিক সাহায্যৰে ইলেক্ট্ৰনিক টেইলাৰিং মেচিন ক্ৰয় কৰি বৰ্তমান ৩ লাখ টকাৰ ওপৰত বাৰ্ষিক উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ।
লগতে পঢ়ক :Doul Festival preparation: ৰং তুলিকাৰে সজাই পৰাই তোলা হৈছে মথুৰাপুৰী সত্ৰনগৰীক