শোণিতপুৰ, 25 আগষ্টঃ তেজপুৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছস্থানত উদ্ধাৰ এগৰাকী অসহায় মহিলা ৷ নিজৰ সঠিক পৰিচয় দিবলৈ অক্ষম মহিলা গৰাকীক শুকুৰবাৰে আবেলি অৰুণাচল প্ৰদেশৰ চেপ্পাৰ পৰা তেজপুৰ অভিমুখী R -X0440 নম্বৰৰ যাত্ৰীবাহী নৈশ বাছত এজন ব্যক্তিয়ে উঠাই দিয়া বুলি জানিবলৈ দিয়ে বাছখনৰ চালকজনে ৷ শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সাংবাদিকৰ তৎপৰতাত শোণিতপুৰৰ উপায়ুক্ত নৰসিং পৱাৰৰ হস্তক্ষেপত মহিলা গৰাকীক তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।
আনহাতে, অৰুণাচল প্ৰদেশৰ বিভিন্ন স্থানত মহিলা গৰাকীক চাৰিবাৰকৈ সম্পৰ্কীয় খুড়াক আৰু তিনিজনীয়া এটি যুৱকৰ দলে বক্ৰী কৰে বুলি জানিবলৈ দিয়ে । প্ৰথমে, যোৰহাট তেকেৰী পটিৰ পৰা চাৰি জনীয়া এটি যুৱকৰ দলে অৰুণাচল প্ৰদেশলৈ নি বিক্ৰী কৰিছিল ৰিগা কেম্প নামৰ ঠাইত । তাৰ পাচত পুণৰ বিক্ৰী কৰে পাইকাংগু নামৰ অৰুণাচল প্ৰদেশৰ ৰিগাৰ সমীপৰ এটা বস্তিত । বস্তিত কিছুদিন থকাৰ পাছত আওলগা আলি নামৰ লোকজনৰ সৈতে বিবাহ-পাশত আৱদ্ধ হয় যদিও সম্পৰ্কীয় খুড়াক আৰু পাইকাংগু নামৰ লোকজনে ফুচুলাই নি মহিলা গৰাকীক পুণৰ অৰুণাচল প্ৰদেশৰ পাকে নামৰ ঠাইৰ এখন হোটেলত বিক্ৰী কৰে বুলি মহিলা গৰাকীয়ে প্ৰকাশ কৰে ।