ETV Bharat / state

ৰঙাপৰাত বন্যহস্তীয়ে একেনিশাই ভাঙিলে 9 টাকৈ বাসগৃহ - বন বিভাগ

মঙলবাৰে নিশা ৰঙাপৰাত বন্যহস্তীৰ তাণ্ডৱ ৷ 9 টাকৈ শ্ৰমিকৰ বাসগৃহ ভাঙি চূৰমাৰ কৰাৰ লগতে হাতীৰ গছকৰ মৃত্যু হয় এটা দামুৰী পোৱালিৰ ৷

wild elephant terror
ৰঙাপৰাত বন্যহস্তীৰ তাণ্ডৱ
author img

By

Published : Dec 16, 2020, 11:30 AM IST

ৰঙাপৰা,16 ডিচেম্বৰ : শোণিতপুৰৰ ৰঙাপৰাত মঙলবাৰে নিশা বন্যহস্তীয়ে তাণ্ডৱ চলাই একেনিশাই ভাঙিলে 9 টাকৈ শ্ৰমিকৰ বাসগৃহ । বনৰীয়া হাতীৰ আক্ৰমণৰ পৰা বাছি নগ’ল পশুধনো । হাতীৰ গছকত মৃত্যুমুখত পৰিল এটা দামুৰী পোৱালি ৷

ৰঙাপৰাত বন্যহস্তীৰ তাণ্ডৱ

উল্লেখ্য যে, ক্ৰমাৎ বনাঞ্চললৈ পৰিণত হৈছে ৰঙাপৰাৰ বৃহত্তৰ অঞ্চল । চৌদিশে কেৱল বনৰীয়া হাতী । সোনাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা ওলাই অহা জাক জাক বনৰীয়া হাতীয়ে ঘৰ-দুৱাৰ ভাঙি, সা-সামগ্ৰী ক্ষতি সাধন কৰি ত্ৰাসৰ সৃষ্টি কৰি আছে ।

প্ৰাপ্ত তথ্য অনুসৰি, বৰজুলি চাহ বাগিচাৰ ৰঙাপৰা শাখা কাৰ্যালয়ৰ শ্ৰমিক লাইনৰ নিৱাসী মলিনা মিৰ্ধা, কালিচৰণ ৰহি দাস আৰু ৰিণু ৰহি দাসৰ বাসগৃহ বনৰীয়া হাতীয়ে ভাঙি পেলায় । তাৰোপৰি বৰজুলি চাহ বাগিচাৰ 16 নং টোপাবস্তি গাঁৱত প্ৰৱেশ কৰি জুৰজ কান্দুলনা, ৰয়ান হৰ আৰু অমৃত তপ্ন বাসগৃহ ভাঙি চূৰমাৰ কৰে । সোনাজুলি চাহ বাগিচাৰ 23 নং শ্ৰমিক লাইনৰ মহাৰংগ সোনাৰ, ৰীতা তাঁতী আৰু ভজু মলহাৰৰ বাসগৃহ ভাঙি পেলায় ।

বন্যহস্তীৰ জাকে পৰিয়াল কেইটাৰ ঘৰৰ ভিতৰত থকা সা-সামগ্ৰী গছকি নষ্ট কৰে । ইফালে হাতীৰ আক্ৰমণত সোনাজুলি চাহ বাগিচাৰ ৰীতা তাঁতীৰ গোহালিত বান্ধি থোৱা এটা এবছৰীয়া দামুৰী পোৱালিৰ মৃত্যু হয় । ঘটনাস্থলীত আমাৰাবাৰী বন বিভাগৰ কোনো লোক উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক : ধেমাজিত ব্ৰয়লাৰ ভৰ্তি বাহনে মহতিয়াই নিলে টিয়াগো বাহনক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.