ETV Bharat / state

গহপুৰত আঘতপ্ৰাপ্ত বন্যহস্তীৰ সন্ত্ৰাস

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা জাক ফালি আঁতৰি অহা এটা আঘাতপ্ৰাপ্ত বনৰীয়া হাতীয়ে বিগত দুটা মাহ ধৰি গহপুৰৰ বিভিন্ন প্ৰান্তৰ ঘৰ-দুৱাৰ ভাঙি, খেতি-পথাৰ ধংস কৰি সন্ত্ৰাস চলাই চলাই আহিছে ।

author img

By

Published : Jul 8, 2019, 12:31 PM IST

গহপুৰৰ বিভিন্ন প্ৰান্তত বন্যহস্তীৰ সন্ত্ৰাস

তেজপুৰ , ০৮ জুলাই: গহপুৰৰ বিভিন্ন প্ৰান্তত বন্যহস্তীৰ সন্ত্ৰাসৰ বাবে ৰাইজে বিনিদ্ৰ ৰজনী কটাব লগীয়া হৈছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা জাক ফালি আঁতৰি অহা এটা আঘাতপ্ৰাপ্ত বনৰীয়া হাতীয়ে বিগত দুটা মাহ ধৰি গহপুৰৰ বিভিন্ন প্ৰান্তৰ ঘৰ-দুৱাৰ ভাঙি, খেতি-পথাৰ ধংস কৰি সন্ত্ৰাস চলাই চলাই আহিছে ।

গহপুৰৰ বিভিন্ন প্ৰান্তত বন্যহস্তীৰ সন্ত্ৰাস

তেনে সময়তে সোমবাৰে পুৱা স্থানীয় ৰাইজে বালিজানত হাতীটো প্ৰতক্ষ্য কৰে । ইয়াৰ পাচতে হাতীটোৱে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থান কৰে । ফলত কিছু সময় ধৰি যান-বাহনৰ চলাচল বন্ধ হৈ পৰে । একে দৰে কটকী চুকৰ ৰেল পথটো হাতীটোৱে অৱস্থান কৰাত কিছু সময় ধৰি নাহৰলগুনৰ পৰা দিল্লী অভিমুখী এখন যাত্ৰী বাহী ৰেল আৱদ্ধ হৈ থাকিব লগীয়া হয় । উল্লখ্য যে, বৰ্তমান হাতীটোৱে বালিজান পথাৰত অৱস্থান কৰি আছে । যাৰ ফলত সমগ্ৰ অঞ্চলটোত আতংকৰ সৃষ্টি হৈছে । ইপিনে কাষৰীয়া বহু পৰিয়ালে হাতীৰ ভয়ত ঘৰৰ পৰা আঁতৰি থাকিব লগীয়া পৰিৱেশৰো সৃষ্টি হৈছে । ইমানৰ পাচতো কিন্তু বনবিভাগৰ লোক আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত নোহোৱাৰ অভিযোগ ৰাইজৰ ।

Intro:*গহপুৰত আঘাট প্ৰাপ্ত বন্য হস্তীৰ সন্ত্ৰাস#ৰাষ্ট্ৰীয় ঘাইপথ-ৰেল পথত অৱস্হান#*
Anchor= কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা জাক ফালি আতৰি অহা এটা আঘাট প্ৰাপ্ত বনৰীয়া হাতীয়ে বিগত দুটা মাহ ধৰি ঘৰ-দুৱাৰ ভাঙি, খেতি-পথাৰ ধংস কৰি সন্ত্ৰাস চলাই চলাই আহিছে গহপুৰৰ বিভিন্ন প্ৰান্তত ।এয়া গহপুৰৰ বালিজান, কটকি চুক আদি অঞ্চলৰ দৃশ্য ।
Bite- ১,২ স্হানীয় লোক,

Body:আজি পুৱাই প্ৰথমে বালিজানত হাতীটো প্ৰত্যক্ষ কৰিছিল স্হানীয় ৰাইজে । ইয়াৰ পাছতে হাতী আহি অৱস্হান কৰেহি ১৫নং ৰাষ্ট্ৰীয় ঘাই পথত । ফলত কিছু সময় ধৰি যান-বাহনৰ চলাচল বন্ধ হৈ পৰে ।একে দৰে কটকী চুকৰ ৰেল পথটো হাতীটোৱে অৱস্হান কৰাত কিছু সময় ধৰি আৱদ্ধ হৈ থাকিব লগা হয় নাহৰলগুনৰ পৰা দিল্লী অভিমুখী এখন যাত্ৰী বাহী ৰেল । Conclusion:উল্লখ্য যে, বৰ্তমান হাতীটোৱে বালিজান পথাৰত অৱস্হান কৰি আছে । ফলত আতংকৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত । কাষৰীয়া বহ পৰিয়ালে হাতীৰ ভয়ত ঘৰৰ পৰা আতৰি থাকিব লগা পৰিবেশৰ সৃষ্টি হৈছে । ইয়াৰ পাছতো কিন্তু বনবিভাগ ,আৰক্ষী উপস্হিত হোৱা নাই ঘটনা স্হলীত ।

Pranab kumar Das
Tezpur
8/7/19
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.