ETV Bharat / state

ৰঙাপৰাত ৰাইজৰ নিদ্ৰা হৰিছে বন্যহস্তীয়ে - আমাৰীবাৰী বনাঞ্চলিক কাৰ্যালয়

খাদ্যৰ সন্ধানত সোণাই-ৰূপাই অভয়াৰণ্যৰ পৰা ওলাই অহা বৃহৎ হাতীৰ জাকটোৱে ৰঙাপৰাৰ তাৰাজুলি চাহ বাগিচাত প্ৰৱেশ কৰাৰ পাচত আমাৰীবাৰী বনকৰ্মীয়ে আতচবাজী আৰু শূন্যলৈ গুলী ফুটাই বনৰীয়া হাতীৰ জাকটোক পুনৰ অভয়াৰণ্যখনলৈ খেদি পঠিয়ায় ৷ কোনো অনিষ্ট নকৰাকৈয়ে উভতি যায় হাতীৰ জাকটো ৷

Wild elephant roaming at Rangapara Assam
বন্যহস্তীৰ মুক্ত বিচৰণত শংকিত ৰঙাপৰাবাসী
author img

By

Published : Jul 24, 2020, 11:10 AM IST

ৰঙাপৰা, 24 জুলাই : কৰ’ণাতংক আৰু বানৰ মাজতে শোণিতপুৰ জিলাৰ ৰঙাপৰাত বনৰীয়া হাতীৰ মুক্ত বিচৰণ । ৰঙাপৰাত জাক জাক বনৰীয়া হাতীয়ে অৱস্থান কৰা পৰিলক্ষিত হৈছে । উল্লেখ্য যে, খাদ্যৰ সন্ধানত সোণাই-ৰূপাই অভয়াৰণ্যৰ পৰা অহা বৃহৎ বন্যহস্তীৰ জাকটোৱে গাভৰু নদী পাৰ হৈ ৰঙাপৰাৰ তাৰাজুলি চাহ বাগিচাত প্ৰৱেশ কৰে ।

ইয়াৰ পাচতে স্থানীয় ৰাইজৰ সহযোগত আমাৰীবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মীয়ে আতচবাজী আৰু শূন্যলৈ গুলি ফুটাই বনৰীয়া হাতীৰ জাকটোক পুনৰ অভয়াৰণ্যখনলৈ খেদি পঠিয়াবলৈ সক্ষম হয় । বন্যহস্তীৰ জাকটোৱে কোনো ধৰণৰ ক্ষয়-ক্ষতি নকৰাকৈয়ে উভতি যোৱাত স্বস্তিৰ নিশ্বাস পেলাইছে বনকৰ্মী তথা অঞ্চলবাসীয়ে ।

বন্যহস্তীৰ মুক্ত বিচৰণত শংকিত ৰঙাপৰাবাসী

ইফালে, তাৰাজুলি চাহ বাগিচাখনত বিগত কেইবা মাহ ধৰি বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই বিস্তৰ ক্ষতিসাধন কৰি অহাৰ ফলস্বৰূপে শংকিত হৈ পৰিছে বাগিচাখনত কৰ্মৰত শ্ৰমিকসকল ৷

লহতে পঢ়ক : বান বিভীষিকা : ৰাজ্যত জলমগ্ন 26 খন জিলা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.