ETV Bharat / state

ৰঙাপৰাৰ লাডেনৰ নতুন নাম  'লাচিত'

সলনি কৰা হ'ল ৰঙাপৰাবাসীয়ে নামাকৰণ কৰা বনৰীয়া হাতী 'লাডেন’ৰ নাম ৷ বিগত বৰ্ষৰ জুলাই মাহৰ পৰা লাডেনে এটাও ঘৰ বা এজন ব্যক্তিকো আক্ৰমণ কৰা নাই বুলি মত প্ৰকাশ কৰে জিলা বন বিভাগৰ অবৈতনিক অধীক্ষক সৌৰভ বৰকটকীয়ে । সেয়ে ৰঙাপৰাৰ লাডেন নামৰ বন্যহস্তীটোৰ নাম সলনি কৰি জিলাখনৰ বন বিভাগে 'লাচিত' নামেৰে নামাকৰণ কৰিছে ।

Elephant new name Lahict
সলনি হ'ল ৰঙাপৰাৰ লাডেনৰ নাম
author img

By

Published : Jan 7, 2020, 10:46 AM IST

ৰঙাপৰা, 7 জানুৱাৰী : সলনি হ'ল এটা বনৰীয়া হাতীৰ নাম । লাডেনে গোৱালপাৰাত সৃষ্টি কৰা সন্ত্ৰাসৰ দৰে ৰঙাপাৰাতো এটা বনৰীয়া হাতীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল ৷ নিশাৰ ভাগত সদম্ভে অকলশৰীয়াকৈ বিচৰণ কৰি জনাঞ্চলত প্ৰৱেশ কৰি ত্ৰাসৰ সৃষ্টি কৰাত ৰঙাপৰাৰ জনসাধাৰণে হাতীটোৰ নাম ৰাখিছিল 'লাডেন' । উল্লেখ্য যে, জিলাখনৰ তেজপুৰ, ৰঙাপৰা, বালিপৰা আৰু চাৰিদুৱাৰ অঞ্চলত মানুহৰ ঘৰ-দুৱাৰ ভাঙি সন্ত্ৰাসৰ সৃষ্টি কৰি অহাৰ লগতে দুজনকৈ মানুহৰ প্ৰাণ লৈছিল লাডেন নামৰ এই বন্যহস্তীটোৱে । ইফালে, বিগত বৰ্ষৰ জুলাই মাহৰ পৰা লাডেনে এটাও ঘৰ বা এজন ব্যক্তিকো আক্ৰমণ কৰা নাই বুলি মত প্ৰকাশ কৰে জিলা বন বিভাগৰ অবৈতনিক অধীক্ষক সৌৰভ বৰকটকীয়ে ।

শোণিতপুৰ জিলাৰ বন বিভাগে লাডেন নাম সলনি কৰি বৰ্তমান ’লাচিত’ নামেৰে নামাকৰণ কৰিছে । জিলা বন বিষয়া ৰঞ্জিত কোঁৱৰ আৰু জিলা বন বিভাগৰ অবৈতনিক অধীক্ষক সৌৰভ বৰকটকীয়ে লাডেনক 'লাচিত' নামেৰে মাতিবলৈ সকলোকে আহ্বান জনায় । শান্ত হৈ পৰা বনৰীয়া হাতীটো বৰ্তমান দিনৰ ভাগত বনাঞ্চলৰ পৰা ওলাই আহে যদিও সন্ধিয়াৰ সময়ত পুনৰ বনাঞ্চলত সোমাই পৰে ৷ সেয়েহে লাডেন নামৰ বন্যহস্তীটোৰ নাম সলনি কৰি জিলাখনৰ বন বিভাগে 'লাচিত' নামেৰে নামাকৰণ কৰিছে বুলি জানিবলৈ দিয়ে জিলা বন বিভাগৰ অবৈতনিক অধীক্ষক সৌৰভ বৰকটকীয়ে ৷

সলনি হ'ল ৰঙাপৰাৰ লাডেনৰ নাম

আৰু পঢ়ক : বঢ়মপুৰৰ বিভিন্ন অঞ্চলত বন্যহস্তীৰ সন্ত্ৰাস

Intro:বন্যহস্তীৰ নামেৰে নামকৰণ কৰা হ’ল লাচিতঃ বন বিভাগৰ পদক্ষেপBody:ৰঙাপৰাঃ হঠাৎ এটা বনৰীয়া হাতীৰ নাম সলনি হল। দঁতাল বন্যহস্তীটোৰ নাম ৰখা হ’ল ’লাচিত’। এসময়ত সন্ত্ৰাসৰ সৃষ্টি কৰি অহা 'লাডেন’ নামৰ বনৰীয়া হাতীটোৰ নাম সলনি কৰি নতুন নামেৰে নামাকৰণ কৰে বন বিভাগে। জিলা বন বিভাগৰ অবৈতনিক ৱাডেন সৌৰভ বৰকটকী আৰু জিলা বন বিষয়া ৰঞ্জিত কোঁৱৰে লাডেনক লাচিত নামেৰে মাতিবলৈ সকলোকে আহ্বান জনায়। উল্লেখযোগ্য যে, জিলাখনৰ তেজপুৰ, ৰঙাপৰা, বালিপৰা আৰু চাৰিদুৱাৰ অঞ্চলত মানুহৰ ঘৰ-দুৱাৰ ভাঙি সন্ত্ৰাসৰ সৃষ্টি কৰি অহাৰ লগতে দুজনকৈ মানুহৰ প্ৰাণ লৈছিল লাডেন নামৰ এই বন্যহস্তীটোৱে। প্ৰকাণ্ড দঁতাল হাতীটো প্ৰায় ছয় বছৰ পূৰ্বে মিছামাৰীত আত্মপ্ৰকাশ ঘটিছিল। ইয়াৰ পিছত ভয়হীনভাৱে অকলশৰীয়াকৈ বিচৰণ কৰি ফুৰা বিশাল আকাৰৰ বন্যহস্তীটোৱে নিশাৰ ভাগত জনাঞ্চলত প্ৰৱেশ কৰি এক প্ৰকাৰৰ ত্ৰাসৰ সৃষ্টি কৰি অহাত সকলোৱে হাতীটোৰ নাম 'লাডেন' ৰাখিছিল। জুই, ফটকা আদিলৈ ভয় নকৰা এই হাতীটোক দেখিলে বন বিভাগে ব্যৱহাৰ কৰা 'কুনকী' হাতীয়েও ভয় কৰিছিল। অকলশৰীয়াকৈ থকা লাডেনে তিনিবাৰকৈ কুনকী হাতীক আক্ৰমণ কৰিছিল। কিন্তু ২০১৯ বৰ্ষৰ ৬ জুলাইত হাতীটোৰ ভৰিত লোহাৰ এডাল ৰড সোমোৱাত বিষৰ যন্ত্ৰণাত আৰ্তনাদ কৰি ফুৰিছিল। পিছত বন বিভাগ, সাংবাদিক আৰু প্ৰকৃতিপ্ৰেমী সকলৰ সহযোগত ট্ৰেংকুলাইজ কৰি চিকিৎসকে চিকিৎসা প্ৰদান কৰিছিল। ক্ৰমাৎ সুস্থ হৈ পৰা লাডেন অতি শান্ত আৰু গহিন গম্ভীৰ স্বভাৱৰ হৈ পৰে। ইফালে, জুলাই মাহৰ পৰা লাডেনে এটাও ঘৰ বা এজন ব্যক্তিকো আক্ৰমণ কৰা নাই। শান্ত হৈ পৰা বনৰীয়া হাতীটো বৰ্তমান দিনৰ ভাগত বনাঞ্চলৰ পৰা ওলাই আহে যদিও সন্ধিয়াৰ সময়ত পুনৰ বনাঞ্চলত সোমাই পৰে ৷ সেয়েহে লাডেন নামৰ বন্যহস্তীটোৰ নাম সলনি কৰি ৰখা হ’ল লাচিত।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.