তেজপুৰ,১১ নৱেম্বৰ: ৰাজ্যৰ চৌদিশে এতিয়া বন্যহস্তীৰ সন্ত্ৰাস। এফালে গোৱালপাৰা জিলাৰ কানকাটা বনাঞ্চলত বনবিভাগ আৰু চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত লাডেন নামৰ বন্যহস্তীটোক ট্ৰেংকুলাইজ কৰাৰ বিপৰীতে, এসময়ত দীৰ্ঘদিন ধৰি শোণিতপুৰ জিলাৰ ৰঙাপৰাত সন্ত্ৰাস সৃষ্টি কৰি অহা আন এক লাডেনক সুস্থ কৰি তোলাৰ চেষ্টা একাংশ প্ৰকৃতিপ্ৰেমী লোকৰ ৷ প্ৰায়ে জনাঞ্চলত প্ৰৱেশ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি অহা শোণিতপুৰৰ লাডেন নামৰ হাতীটোক উত্তেজিত জনতাই চোকা অস্ত্ৰৰে প্ৰহাৰ কৰাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল ৷ তাৰ পিচতে লাডেনক সুস্থ কৰি তোলাৰ বাবে আগবাঢ়ি আহে বনবিভাগ আৰু এগৰাকী প্ৰকৃতিপ্ৰেমী ৷
![Wild elephant Laden treatment at Tezpur assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/5025869_ladenccc.jpg)
উত্তেজিত জনতাৰ দ্বাৰা বেয়াকৈ আঘাতপ্ৰাপ্ত হোৱা হাতীটোক শোণিতপুৰ পশ্চিম সংমণ্ডল বন বিভাগৰ মুৰব্বী ৰঞ্জিত কোঁৱৰৰ নেতৃত্বত প্রকৃতিপ্ৰেমী তথা বন বিভাগৰ ৱাৰ্ডেন সৌৰভ বৰকটকীৰ তাৎপৰতাত চিকিৎসা প্ৰদান কৰি সুস্থ কৰি তোলা হয় ৷ যি সময়ত গোৱালপাৰাত লাডেন নামৰ বন্যহস্তীটোৱে সন্ত্ৰাস সৃষ্টি কৰি 5 জনকৈ লোকক হত্যা কৰিছিল, একেদৰে শোণিতপুৰৰ এই লাডেন নামৰ বন্যহস্তীটোৱেও দুজন লোকক আক্ৰমণ কৰি হত্যা কৰিছে ৷ ধ্বংস কৰিছে বহুতো ঘৰ, গাড়ী ইত্যাদি ৷ কিন্তু অসুস্থ হাতীটোক ৰাইজে আক্ৰমণ কৰাৰ বিপৰীতে সকলোৱে সুৰক্ষা প্ৰদান কৰিছে ৷ শোণিতপুৰৰ এই ঘটনাই সকলোৰে বাবে এক নিদৰ্শন হোৱা উচিত
লগতে চাওকঃ দূৰবীণেৰে চালে কেৱল বাঁহৰ দলঙহে দেখা পায় অসমত, কাঠৰ নহয়!