তেজপুৰ,২২ মাৰ্চ : গুৱাহাটীস্থিত অসম ৰাজ্যিক চিৰিয়াখানালৈ আহিল নতুন আলহী । ভাৰতৰ ভিতৰতে প্ৰথমবাৰলৈ চেক গণৰাজ্যৰ পৰা অনা হ'ল বিশেষ প্ৰজাতিৰ দেওহাঁহ (White Winged Wood Duck brought from Czech Republic)। যাক হোৱাইট উইং উড দাক (White-Winged Wood Duck) বুলি জনা যায় । নতুন আলহীক লৈ চিৰিয়াখানা কৰ্তৃপক্ষ তথা বন বিভাগৰ বিশেষ তৎপৰতা দেখিবলৈ পোৱা গৈছে ।
উল্লেখ্য যে চেক গণৰাজ্যৰ জলিন (Zlin) নামৰ চিৰিয়াখানাৰ পৰা কাটাৰ এয়াৰযোগে অসমলৈ অনা হৈছে এহাল হোৱাইট উইং উড দাক । দেওবাৰে আহি অসমৰ গুৱাহাটীৰ চিৰিয়াখানাত উপস্থিত হয় দেওহাঁহ দুটা । ৰাজ্যৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই টুইটযোগে এই কথা প্ৰকাশ কৰিছে ।
ইফালে দেওহাঁহ অৰ্থাৎ বনৰীয়া হোৱাইট উইং উড দাক অসমৰ "জাতীয় পক্ষী" । বৰ্তমান এহাল অৰ্থাৎ দুটা হাঁহ সম্প্ৰতি অনা হৈছে বুলি জানিবলৈ দিয়ে ৰাজ্যিক চিৰিয়াখানাৰ বন প্ৰাধিকাৰী অশ্বিনী কুমাৰে । বন বিভাগৰ উদ্যোগত ২০১৯ বর্ষতেই দেওহাঁহ অনাৰ প্ৰক্ৰিয়াতো আৰম্ভ হৈছিল । ভাৰতৰ চিৰিয়াখানাৰ ভিতৰত অসমতেই প্ৰথম হোৱাইট উইং উড দাক ৰখাৰ ব্যৱস্থা কৰা হৈছে ।
ই এক ক্ৰেপচুলাৰ পক্ষী ৷ কিয়নো ই সন্ধিয়া আৰু পুৱা আটাইতকৈ সক্ৰিয় হয় । প্ৰাপ্তবয়স্কবোৰ মুখ্যতঃ সৰ্বভক্ষক । বিভিন্ন প্ৰকাৰৰ জলজ উদ্ভিদ, বন আৰু খেতি কৰা উদ্ভিদৰ বীজ, জলজ পতংগ, ক্ৰাষ্টেচিয়ান, মোলাস্ক, ভেকুলী, সাপ আৰু মাছ আদি ইয়াৰ খাদ্য । ই গ্ৰীষ্মৰ মাহবোৰত গছৰ খোৰোঙবোৰত প্ৰজনন কৰে ।
১৯৩৭ চনত অসম চৰকাৰে প্ৰজনন ঋতুত আৰু ৰাজ্যখনৰ নিৰ্ধাৰিত সংৰক্ষিত বনাঞ্চলৰ বাহিৰত হাঁহ চিকাৰ নিষিদ্ধ কৰাৰ সময়ত চৰাইটোক প্ৰথমে চিকাৰৰ পৰা সুৰক্ষা প্ৰদান কৰা হৈছিল । কেন্দ্ৰীয় বন, পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়, অসমৰ বন বিভাগ আৰু অসম ৰাজ্যিক চিৰিয়াখানাই এই অভিযানক বাস্তৱায়িত কৰিবলৈ কোনো ধৰণৰ ত্ৰুটি ৰখা নাই । অশ্বিনী কুমাৰে কয় যে এইটো এটা দলীয় প্ৰচেষ্টা আৰু এই পদক্ষেপটো প্ৰথমে অসম ৰাজ্যিক চিৰিয়াখানাৰ প্ৰাক্তন বিভাগীয় বন বিষয়া তেজছ মৰিস্বামীয়ে আৰম্ভ কৰিছিল । ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন কৰ্তৃপক্ষৰ পৰা যথেষ্ট অনুমোদনৰ প্ৰয়োজন হয় বুলি তেওঁ উল্লেখ কৰে ।
এই প্ৰজাতিৰ পক্ষীৰ শৰীৰত ক'লা, বগা ৰঙৰ পাখি থাকে আৰু চকু ৰঙা বা কমলা হয় । ইয়াৰ গড় দৈৰ্ঘ্য প্ৰায় ৮১ ছেমি । লিংগ ভেদে দেখিবলৈ প্ৰায় একে যদিও পুৰুষৰ প্লামেজত অধিক গ্লছ থাকে আৰু যথেষ্ট ডাঙৰ আৰু গধুৰ হয় ।
ইয়াক বেছিভাগ ঘন ক্ৰান্তীয় চিৰসেউজ অৰণ্যত পোৱা যায় । হাঁহটো সাধাৰণতে ৪ টা বা ৬ টা গোটত একেলগে থাকে । কেতিয়াবা সৰ্বাধিক এটা গোটত ১০ টাকৈ পোৱা যায় । এই প্ৰজাতি দেওহাঁহে ছাঁ ভাল পায় আৰু দিনটোৰ বেছিভাগ সময় নিৰ্জন জংঘলত থকা পুখুৰী আদিত থাকে মাজে সময়তে গছত পৰি থাকে ৷
বৰ্তমান অসম ৰাজ্যিক চিৰিয়াখানাত হাঁহ দুটাক ৪৫ দিনলৈ আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰা হৈছে । ইয়াৰ পাছত দৰ্শনাৰ্থীয়ে চাব পৰাকৈ মুকলিকৈ ৰখা হ'ব । এই দেওহাঁহৰ ওপৰত পৰীক্ষা নিৰীক্ষা চলাই থকা ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ এক সমীক্ষাত অলপতে প্ৰকাশ পাইছে যে এই পক্ষী এসময়ত ভাৰতৰ উত্তৰ-পূৱ ৰাজ্য আৰু ইয়াৰ কাষৰীয়া দক্ষিণ এছিয়াৰ দেশসমূহত যথেষ্ট পৰিমাণে পোৱা গৈছিল । কিন্তু ইয়াৰ বাসস্থানবোৰ ধ্বংস হোৱাৰ উপৰিও চোৰাং চিকাৰ, আৰ্দ্ৰভূমি নিষ্কাশন আদিৰ বাবে ইয়াৰ সংখ্যা হ্ৰাস পাই আহিছে ।