ৰঙাপৰা, 9মে': ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে কৰ’ণা সংক্ৰমণ ৷ কৰ’ণাৰ দ্ৰুত সংক্ৰমণ ৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে মিনি লকডাউন আৰু সন্ধিয়াৰ পৰা পুৱালৈকে জাৰি কৰিছে সান্ধ্য আইন ৷ ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰাৰ লগতে সামাজিক দূৰত্ব মানি চলাৰ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে ৷ কিন্তু ৰঙাপৰাত একাংশ লোকে মাস্ক পৰিধান কৰাৰ কথাত যেন গুৰুত্ব আৰোপ নকৰা পৰিলক্ষিত হৈছে ৷
দেওবাৰে ৰঙাপৰাত ক'ভিড আক্ৰান্ত হৈ এজন ব্যক্তিৰ মৃত্যু হৈছে ৷ ইয়াৰ পিছতো যেন সজাগ আৰু সচেতন হোৱা নাই ৰঙাপৰাবাসী ৷ ৰঙাপৰাৰ দৈনিক বজাৰ আৰু বৰজুলি সাপ্তাহিক বজাৰত দেওবাৰে মাস্ক পৰিধান নকৰাকৈ একাংশ লোকে ঘূৰি ফুৰাৰ লগতে আন একাংশই আকৌ থুতৰিত মাস্ক লগাই ঘুৰি ফুৰা পৰিলক্ষিত হৈছে ৷ সামাজিক দূৰত্বৰ কথা সকলোৱেই এলাগী কৰি পেলাইছে ৷ ৰঙাপৰাত চৰকাৰী নীতি-নিৰ্দেশনা বুঢ়া আঙুলি প্ৰদৰ্শন কৰাৰ পিছতো জিলা প্ৰশাসন কুম্ভকৰ্ণ নিদ্ৰাত থকাত সচেতন ৰাইজক উদ্বিগ্ন কৰি তুলিছে ৷
লগতে পঢ়ক : ক’ভিডত মৃত্যু ত্ৰিপুৰাৰ ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি নীলমণি দেৱৰ