তেজপুৰ, ২ ডিচেম্বৰ : ভাৰতীয় সেনাৰ উপ সেনাধ্যক্ষ লেফ্টেনেন্ট জেনেৰেল এছ কে চাইনীয়ে বাংলাদেশৰ পৰা ভাগ লোৱা নেচনেল ডিফেঞ্চ ক’ৰ্চৰ এক "সুৰক্ষা প্ৰত্যাহ্বান পোষ্ট ক’ভিড-১৯ মহামাৰীৰ" ওপৰত এক ভাৰ্চুৱেল সন্মিলন সম্বোধন কৰে । উপসেনাধ্যক্ষ চাইনীয়ে পূৰ্বে ২০১১ চনত বাংলাদেশৰ নেচনেল ডিফেঞ্চ কলেজ ভ্ৰমণ কৰিছিল । তেওঁৰ এই বক্তৃতাত ক’ভিড-১৯ ৰ ফলত সেনাবাহিনীৰ প্ৰভাৱ বিস্তাৰ কৰিব আৰু কেনেধৰণৰ সতৰ্কতা অৱলম্বন কৰা প্ৰয়োজন সেই বিষয়ে আলোচনা কৰে বুলি জনাইছে প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰই ।
![Bangladesh national defense course](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9742996_hjhf.jpg)
তেওঁ কয় যে ক’ভিডৰ ফলত যথেষ্ট পৰিমাণে প্ৰভাৱ পেলাইছে; বিশেষকৈ গোলকীকৰণৰ বাবে সীমান্তৰ পৰা মানুহৰ মাজত চাল-চলন, সামগ্ৰীৰ পৰা যথেষ্ট পৰিমাণে সতৰ্কতা প্ৰয়োজনীয়তা আছে আৰু সেইবাবেই প্ৰতিৰক্ষা বিভাগৰ এই শিতানত যথেষ্ট সংখ্যক ধন ব্যৱহাৰ কৰা হৈছে । তেওঁ কয়, এতিয়াও বহুতো দেশে এই ভাইৰাছৰ বাবে আহুকালত পৰি আছে । পৰিণতিত সেনাৰ মাজত নতুন নতুন কৌশল অৱতাৰণা কৰি ডিজিটেল সেৱা ব্যৱহাৰৰ কৰোৱা হৈছে যাতে দেশ সুৰক্ষিত কৰিবলৈ সক্ষম হয় আৰু তাৰ প্ৰচেষ্টা অব্যাহত আছে । ইয়াৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি থকা বুলি তেওঁ মন্তব্য কৰে ।
লগতে পঢ়ক : অহা ৪ ডিচেম্বৰত তামিলনাডু পাবহি 'বুৰেৱী': বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী