তেজপুৰ,২৪ এপ্ৰিল: শুকুৰবাৰে নিশা উত্তৰাখণ্ডৰ চামোলী জিলাৰ ভাৰত-চীন সীমান্তৰ ওচৰৰ চুমনা গাঁৱত এক ভয়ংকৰ হিমবাহ বিস্ফোৰণ সংঘটিত হয় । এনডিআৰএফে জানিবলৈ দিয়া মতে, এই বিস্ফোৰণৰ ফলত ঋষি গংগা নদীৰ পানীৰ স্তৰ দুই ফুট বৃদ্ধি পাইছে ।
![সেনা দ্বাৰা উদ্ধাৰ ৩৮৪ গৰাকী লোক](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-24april-04-vispix-uttarakhandavalance-pranabkumardas-7203907_24042021180633_2404f_1619267793_399.jpg)
সমান্তৰালকৈ অঞ্চলটোৰ বহু কেইটা পথ সম্প্ৰতি বন্ধ হৈ থকাৰ লগতে এই বিস্ফোৰণৰ ফলত বহু লোক আৱদ্ধ হৈ পৰিছে ৷ সেনা বাহিনীয়ে জনোৱা মতে, অঞ্চলটোত বিগত ৫ দিন ধৰি বৰষুণ আৰু তুষাৰপাত অব্যাহত আছে ।
![সেনা দ্বাৰা উদ্ধাৰ ৩৮৪ গৰাকী লোক](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-24april-04-vispix-uttarakhandavalance-pranabkumardas-7203907_24042021180633_2404f_1619267793_125.jpg)
ইফালে আবদ্ধ লোকসকলক উদ্ধাৰ কৰাৰ উদ্দেশ্যে ভাৰতীয় সেনা, এনডিআৰএফকে ধৰি বহুতো সংস্থাই অভিযান অব্যাহত ৰাখিছে । ভাৰতীয় সেনাই ইতিমধ্যে সমাপ্ত কৰিছে শনিবাৰৰ উদ্ধাৰ অভিযান । অভিযানৰ সময়ত মুঠ ৩৮৪ গৰাকী লোকক উদ্ধাৰ কৰাৰ লগতে ভাৰতীয় সেনাই সেই স্থানৰ পৰা ১০ গৰাকী লোকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
![সেনা দ্বাৰা উদ্ধাৰ ৩৮৪ গৰাকী লোক](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-24april-04-vispix-uttarakhandavalance-pranabkumardas-7203907_24042021180633_2404f_1619267793_758.jpg)
ইয়াৰোপৰি সেনাই জনোৱা মতে ৪ জন লোকৰ সন্ধান এতিয়াও লাভ কৰিব পৰা নাই ।