তেজপুৰ, ২২ আগষ্ট : অৰুণাচল প্ৰদেশৰ নামচাইত 'কেডেন্স' (Kadanse in Arunachal Pradesh Namsai) নামৰ এক অনুষ্ঠানত, 'চৌফা-প্লেং-লু : দ্য শদিয়া গোঁহাই', 1839 চনৰ টাই খামতি বিদ্ৰোহৰ কাহিনী (Chowpha Plang Lu The Sadiya Gohain, a tale of Tai Khamti Mutiny of 1839) আজাদী কা অমৃত মহোৎসৱ (Azadi ka Amrit Mahotsav) উদযাপনৰ অংশ হিচাবে প্ৰদৰ্শন আৰু ৰিকেন নগলৰ দ্বাৰা পৰিচালিত অৰুণাচলৰ অখ্যাত নায়কসকলক স্বীকৃতি প্ৰদান কৰা হয় ।
ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী চাওনা মেইনে দেওবাৰে অৰুণাচল প্ৰদেশৰ ইতিহাসৰ ওপৰত ৰচিত নাটকখনৰ প্ৰিমিয়াৰৰ এই অনুষ্ঠান উপভোগ কৰে । নতুন দিল্লীৰ নেচনেল স্কুল অব ড্ৰামা (National School of Drama)ৰ সহকাৰী অধ্যাপক (অভিনয়)ৰ এক প্ৰচেষ্টাত গঢ় লোৱা এই অনুষ্ঠানত উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে টাই খামতি হেৰিটেজ এণ্ড লিটাৰেচাৰ ছ'চাইটিৰ (Tai Khamti Heritage and literature Society) সহযোগত কেডেন্স হৈছে সমগ্ৰ দেশৰ বিভিন্ন শিল্পীৰ এক সন্মিলন ।
ইয়াৰ উদ্দেশ্য হৈছে যাতে সকলোৱে একত্ৰিত হৈ বিভিন্ন সংস্কৃতিৰ বিষয়ে ভালদৰে বুজি পাব পাৰে । এই নাটকখনত সেয়াই অন্তৰ্ভুক্ত কৰা হৈছে । অনুষ্ঠানত অংশগ্ৰহণ কৰি মেইনে কয় যে আমাৰ যুৱক-যুৱতীসকলৰ কোনো প্ৰতিভাৰ অভাৱ নাই । কিন্তু চৰকাৰে তেওঁলোকৰ প্ৰতিভাক স্বীকৃতি দিবলৈ কোনো ধৰণৰ চেষ্টা নকৰে আৰু সমগ্ৰ দেশ আৰু বিশ্বব্যাপী তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ উন্নত মঞ্চ সৃষ্টি কৰিব লাগিব ।
তেওঁ এই প্ৰচেষ্টাৰ প্ৰশংসা কৰে আৰু অৰুণাচল প্ৰদেশৰ অখ্যাত নায়কসকলৰ (Unsung Heros of Arunachal) কাহিনীসমূহ উপস্থাপন কৰাৰ বাবে নগমলে আৰু তেওঁৰ দলক প্ৰশংসা কৰে । আনহাতে, উক্ত প্ৰচেষ্টাৰ বাবে তেওঁ দলটোক তেওঁৰ সম্পূৰ্ণ সমৰ্থন প্ৰদানৰো আশ্বাস দিয়ে । উল্লেখ্য, এনএছডিয়ে অৰুণাচল প্ৰদেশৰ অখ্যাত নায়কসকলৰ ওপৰত তিনিখন নাটকৰ কাম কৰি আছে ।
সেইকেইখন হৈছে এংলো আবৰ যুদ্ধ, এংলো খামতি যুদ্ধ আৰু নিনু গণহত্যা । যাৰ ভিতৰত এংলো আবৰ যুদ্ধৰ নাটকখন ১৩ ৰ পৰা ১৫ আগষ্টত ডাম্বুকত প্ৰিমিয়াৰ প্ৰদৰ্শন কৰা হৈছিল । উক্ত নাটকখনে সকলো ঠাইৰ পৰাই যথেষ্ট প্ৰশংসা লাভ কৰিছিল । ১৮৩৯ চনৰ এংলো খামতি যুদ্ধৰ (Anglo Khamti War of 1839) পৰৱৰ্তী প্ৰিমিয়াৰ ৩০ আগষ্টত নামচাইত প্ৰদৰ্শিত হ'ব বুলি মেইনে লগতে জানিবলৈ দিয়ে ।
টাই খামতি সংস্কৃতি আৰু নাটকৰ এক ডাঙৰ অংশ সংগীত হোৱাৰ বাবে অনুষ্ঠানটোৱে বিভিন্ন বাদ্যযন্ত্ৰ আৰু গীত-মাতৰ এক সাংগীতিক অনুষ্ঠান একেলগে প্ৰদৰ্শন কৰাৰ বাবে এক মঞ্চ প্ৰদান কৰে । কেডেন্স হৈছে চিত্ৰকলা, নৃত্য, ৰং আৰু পোছাক আদিৰ দৰে আন বিভিন্ন কলাৰ সন্মিলিত সংস্কৃতিৰ সংলাপ প্ৰদৰ্শন কৰাৰ এক প্ৰয়াস, যাতে প্ৰত্যেকে আন সংস্কৃতিত কি অৰিহণা যোগাব পাৰে আৰু তেনেদৰেই নাটকখনে ইয়াৰ সৰ্বাধিক সম্ভাৱনালৈ উত্তৰণ ঘটাব পাৰে ।
সন্ধিয়া বিক্ৰম মোহনৰ দ্বাৰা পৰিচালিত বলৰুম নৃত্য, টাই খামতি হেৰিটেজ এণ্ড লিটাৰেচাৰ ছ'চাইটিৰ সংগীত পৰিৱেশন, জেনে হেৰ শিল্পকৰ্ম প্ৰদৰ্শনী, জগন্নাথ শেঠৰ লাইভ পেইণ্টিং শ্ব'কেছ আৰু আকৰ্ষণীয় মিউজিকেল বেণ্ড প্ৰদৰ্শন কৰা হয় ।
লগতে পঢ়ক :শিক্ষা মন্ত্ৰীৰ পত্ৰক একপ্ৰকাৰ সমৰ্থন সাংসদ প্ৰদ্যুৎ বৰদলৈৰ