ETV Bharat / state

নামচাইত ১০০০ কোটি টকাৰ প্ৰকল্পৰ উদ্বোধন কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ - Union Home Minister Amit Shah in Arunachal on a two day visit

দুদিনীয়া ভ্ৰমণসূচীৰে অৰুণাচলত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ(Union Home Minister Amit Shah in Arunachal on a two day visit )। দেওবাৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দৰ্শন কৰে সোণালী পাগোদা বুদ্ধ মন্দিৰ(Amit Shah visits Golden Pagoda Buddha Temple) । লগতে নামচাইত ১০০০ কোটি টকাৰ প্ৰকল্পৰ শিলান্যাস আৰু উদ্বোধন কৰে ।

union home minister amit shah inaugurates 1000 crore project in namsai
নামচাইত ১০০০ কোটি টকাৰ প্ৰকল্পৰ উদ্বোধন কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ
author img

By

Published : May 22, 2022, 8:46 PM IST

তেজপুৰ,২২ মে': অৰুণাচলত দুদিনীয়া ভ্ৰমণসূচীৰে উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ(Union Home Minister Amit Shah in Arunachal on a two day visit ) । কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰে অৰুণাচলত উপস্থিত হোৱা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দেওবাৰে নামচাইত শিলান্যাস আৰু উদ্বোধন কৰে ১০০০ কোটি টকাৰ ব্যয়ৰ কেইবালানি গুৰুত্বপূৰ্ণ প্ৰকল্প ।

দুদিনীয়া ভ্ৰমণসূচীৰে পূৱ অৰুণাচল প্ৰদেশত উপস্থিত হোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে নামচাইৰ এখন ৰাজহুৱা সভাতো অংশগ্ৰহণ কৰে । সভাখনিত অংশগ্ৰহণ কৰি শ্বাহে কয় অৰুণাচল প্ৰদেশৰ পৰ্যটন উদ্যোগ বিকাশৰ ক্ষেত্ৰত আগন্তুক ১০ বছৰত আৰু অধিক উন্নয়নৰ দিশে আগবাঢ়ি যাব । বিকাশৰ লগে লগে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটকৰ সোঁত পূব অৰুণাচল প্ৰদেশলৈ ব’বলৈ ধৰিব ।

union home minister amit shah inaugurates 1000 crore project in namsai
দুদিনীয়া ভ্ৰমণসূচীৰে অৰুণাচলত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

শ্বাহে লগতে কয় যে সমগ্ৰ ভাৰতৰ ভিতৰতে অৰুণাচল প্ৰদেশ প্ৰাকৃতিক সম্পদৰে ভৰপূৰ এখন বিশাল ৰাজ্য । ভাৰতৰ ভিতৰত প্ৰথম সূৰ্যৰ পোহৰ পৰে এই ৰাজ্যত আৰু সেয়েহে এই ৰাজ্যৰ নাম অৰুণাচল ৰখা হৈছিল বুলি তেওঁ কয় ।

গৃহমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজু আৰু মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ সৈতে এই স্থানত কিছু সময় অতিবাহিত কৰে

আনহাতে, বিগত সময়চোৱাত ৰাজ্যখনত ৫০ বছৰ কাল কংগ্ৰেছ দলৰ চৰকাৰে ৰাজত্ব কৰাৰ সময়ত পাহাৰীয়া ৰাজ্যখনৰ বাবে একো কাম নকৰিলে বুলি কটাক্ষ কৰে গৃহমন্ত্ৰীগৰাকীয়ে । লগতে তেওঁ উল্লেখ কৰে যে, একমাত্ৰ বৰ্তমান ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু প্ৰদেশখনৰ শক্তিশালী মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ প্ৰচেষ্টাত আজি অৰুণাচল প্ৰদেশ উন্নয়নৰ দিশত আগবাঢ়িছে ।

দেওবাৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দৰ্শন কৰে সোণালী পাগোদা বুদ্ধ মন্দিৰ

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে নামচাইত সুৰক্ষা বাহিনী আই টি বি পি, সশস্ত্ৰ সীমা বল, অসম ৰাইফালছ আৰু অন্যান্য সুৰক্ষা বাহিনীৰ সৈতেও এক বৈঠকত মিলিত হয় । লগতে দৰ্শন কৰে অৰুণাচল প্ৰদেশৰ নামচাইৰ পাটকাই ৰিজৰ্ট’ৰ কাষত থকা সোণালী পাগোদা বুদ্ধ মন্দিৰ(Amit Shah visits Golden Pagoda Buddha Temple) । অৰুণাচল প্ৰদেশৰ নামচাইৰ পাটকাই ৰিজৰ্টৰ কাষত থকা সোণালী পাগোদাক স্থানীয় টাই খামতি ভাষাত খোংমু-খাম বুলিও জনা যায় ৷ গৃহমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজু আৰু মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ সৈতে এই স্থানত কিছু সময় অতিবাহিত কৰে ।

লগতে পঢ়ক: বটদ্ৰৱা কাণ্ড সন্দৰ্ভত পাকিস্তান-বাংলাদেশ সমৰ্থকৰ প্ৰসংগ পীযুষ হাজৰিকাৰ মুখত

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.