মঙলদৈ,28 ফেব্ৰুৱাৰী : নাগৰিকত্ব সংশোধনী আইনক লৈ বৰ্তমানেও অব্যাহত আছে প্ৰতিবাদ ৷ ৰাজ্যৰ এখন প্ৰাগঐতিহাসিক চহৰ তেজপুৰত দেখা গ'ল এক ব্যতিক্ৰমী প্ৰতিবাদ । কোনো দল সংগঠন নহয় তেজপুৰত এইবাৰ ব্যৱসায়িক প্ৰতিষ্ঠানে সাব্যস্ত কৰিছে ব্যতিক্ৰমী প্ৰতিবাদ । চহৰখনৰ প্ৰতিখন ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা বৃহৎ ব্যৱসায়িক প্ৰতিষ্ঠানে নিজৰ নিজৰ প্ৰতিষ্ঠানৰ সন্মুখত অসমীয়াৰ স্বভিমান গামোছাত নাগৰিকত্ব সংশোধনী আইন মানি নলও, ন' কা,কা আমি নামানো বুলি লিখি আঁৰি লোৱা পৰিলক্ষিত হৈছে ৷ ব্যৱসায়ীৰ মন্তব্য এনেদৰে প্ৰতিবাদ কৰি চৰকাৰক কোনো কাৰণতে নাগৰিকত্ব সংশোধনী আইনখন মানি নলয় বুলি সকীয়াই দিছে ৷
আৰু পঢ়ক : তেজপুৰত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান