তেজপুৰ, ২০ জুলাই : এগৰাকীৰ পাছত আনগৰাকী খেলুৱৈৰ সাফল্যই অসমৰ ক্ৰীড়াক্ষেত্ৰলৈ এক আশাৰ বতৰা কঢ়িয়াই আনিছে । ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ নাম জিলিকাই তুলিছে অসমৰ খেলুৱৈয়ে । শেহতীয়াকৈ তেজপুৰৰ দুই সন্তান বিশ্ব ভলীবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় ভলীবল দলৰ বাচনি শিবিৰলৈ নিৰ্বাচিত হৈছে । তেজপুৰৰ এই প্ৰতিভাৱান খেলুৱৈ দুগৰাকীৰ নাম ক্ৰমে মৃত্যুঞ্জয় মহন্ত আৰু লক্ষ্যজিৎ কাকতি ।
মঙলবাৰে ভূৱনেশ্বৰলৈ ৰাওনা হৈছে খেলুৱৈ দুগৰাকী । উল্লেখ্য যে, ২২ আৰু ২৩ জুলাইত ভূৱনেশ্বৰস্থিত কীট বিশ্ববিদ্যালয়ত ভাৰতীয় দলৰ বাবে খেলুৱৈ বাচনি কৰিব ভলীবল ফেডাৰেচন অৱ ইণ্ডিয়াই । বিশ্ব ভলীবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি দেশ তথা ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই অনাৰ আশাৰে মঙলবাৰে বিমানেৰে ভূৱনেশ্বৰ অভিমুখে ৰাওনা হয় এই প্ৰতিভাৱান ভলীবল খেলুৱৈ দুগৰাকী । ২৪ আগষ্টৰ পৰা ইৰাণৰ তেহৰাণত অনুষ্ঠিত হ'ব বিশ্ব ভলীবল প্ৰতিযোগিতা ।
১০ দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাত ১৯ বছৰ অনুৰ্ধ্বৰ ভাৰতীয় দলত স্থান পোৱাৰ আশা কৰিছে তেজপুৰৰ দুই সন্তানে । সোমবাৰে তেজপুৰৰ বেছেৰীয়াৰ ৰেঙণি ভলীবল একাডেমীত প্ৰশিক্ষণৰত মৃত্যুঞ্জয় আৰু লক্ষ্যজিতক তেজপুৰ জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ত শুভকামনা জনোৱা হয় ।
ক্ৰীড়া বিষয়া খনীন্দ্ৰ মুদৈয়ে এটাকৈ ভলীবল প্ৰদান কৰাৰ লগতে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ তৰফৰ পৰা দুয়োলৈ কিছু পৰিমাণে আৰ্থিক সাহায্য আগবঢ়োৱা হয় । উল্লেখ্য যে, শেহতীয়াকৈ টকিঅ' অলিম্পিক(TOKYO OLYMPIC)ত অংশগ্ৰহণৰ বাবে অসমৰ বক্সাৰ লাভলীনা বৰগোঁহাইয়ে সুযোগ লাভ কৰিছে । বৰ্তমান উন্নত মানৰ প্ৰদৰ্শনেৰে দেশৰ মান ৰাখিবলৈ সাজু হৈছে লাভলীনা । এতিয়া মৃত্যুঞ্জয় আৰু লক্ষ্যজিতকলৈও আনন্দিত হৈ পৰিছে তেজপুৰবাসী ।
লগতে পঢ়ক: বিনা অনুমতিত বিদেশ ভ্ৰমণ কৰি নিলম্বন হ’ল আই পি এছ বিষয়া